
হামৰেণ (কাৰ্বি আংলং), ০৯ অক্টোবৰ (হি.স.)। অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণ মহকুমাৰ সদৰ অন্তৰ্গত বৈঠালাংছ’ থানা এলেকাৰ টাপা গাঁৱত ধান চপোৱাৰ ঘটনাক লৈ ব্যাপক হিংসাত্মক সংঘৰ্ষ সংঘটিত হৈছে। এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো গুৰুতৰভাৱে আহত হোৱা বুলি সাধাৰণ আৰু আৰক্ষী প্ৰশাসনৰ বিষয়াসকলে নিশ্চিত কৰিছে। যদিও পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হৈছে, তথাপিও ভিতৰি ভিতৰি উত্তেজনা বিৰাজ কৰি আছে বুলি সদৰি কৰিছে। অঞ্চলটোত শান্তি ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে।
চৰকাৰী সূত্ৰ অনুসৰি বৃহস্পতিবাৰে বিয়লিৰ পৰাই এই ঘটনা আৰম্ভ হয়। অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ একাংশ খাচী সম্প্ৰদায়ৰ বাসিন্দাই যেতিয়া নিজৰ পথাৰত ধান চপোৱা আৰম্ভ কৰিলে, তেতিয়া কাৰ্বিবাসীয়ে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে। এই কথাত ক্ষুব্ধ হৈ খাচীসকলে পোনপটীয়াকৈ কাৰ্বিসকলক আক্ৰমণ কৰে।
খাচীৰ সৈতে হোৱা সংঘৰ্ষৰ ঘটনাত অৰিবেল টিমুং (৪৮) নামৰ এজন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ষ্টেমুৱেল টিমুংকে ধৰি আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। এই মাৰপিটৰ ঘটনাত চোকা অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল বুলি চৰকাৰী সূত্ৰটোৱে জানিবলৈ দিয়ে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা প্ৰশাসন আৰু জ্যেষ্ঠ বিষয়াসকলে অতিৰিক্ত নিৰাপত্তা বাহিনীক লৈ ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে প্ৰথমে কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰাৰ পিছত শূণ্য গুলী চালনা কৰিব লগা হৈছিল। সম্প্ৰতি অঞ্চলটোত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে।
ইফালে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে এই সংঘৰ্ষত নিহত হোৱা অৰিবেল টিমুঙৰ নিকট আত্মীয়ক ১০ লাখ টকা প্ৰদান কৰাৰ লগতে আহত ষ্টেমুৱেল টিমুং আৰু অন্যান্যসকলৰ সকলো চিকিৎসা খৰচ পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বহন কৰিব বুলি ঘোষণা কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
