

– গণতন্ত্ৰ সংগ্ৰামীসকলক সম্বৰ্ধনা
লক্ষ্ণৌ, ০৮ অক্টোবৰ (হি.স.)। উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠকে কয় যে জৰুৰীকালীন অৱস্থা ভাৰতীয় গণতন্ত্ৰৰ আটাইতকৈ ক’লা দাগ আছিল, পাহৰিব নোৱাৰা এই সময়ছোৱাত নাগৰিক অধিকাৰ আৰু মত প্ৰকাশৰ স্বাধীনতা সম্পূৰ্ণৰূপে মষিমূৰ কৰা হৈছিল। তেওঁ কয় যে সেই সময়ছোৱাত সংবাদ মাধ্যমক দমন কৰি ৰখা হৈছিল, নিৰ্যাতনে শিখৰত উপনীত হৈছিল, কাৰোৱেই মুক্তভাৱে কথা ক’বলৈ বা চলাচল কৰাৰ স্বাধীনতা নাছিল।
লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ মালব্য প্ৰেক্ষাগৃহত হিন্দুস্থান সমাচাৰ বহুভাষিক সংবাদ সংস্থাই আয়োজন কৰা ‘জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ’ কাৰ্যসূচীত উপ-মুখ্যমন্ত্ৰী পাঠকে ভাষণ প্ৰদান কৰে। এই উপলক্ষে ‘যুগৱাৰ্তা’ আৰু ‘নৱোত্থান’ আলোচনীৰ বিশেষ সংখ্যা উন্মোচন কৰা হয়।
পাঠকে কয় যে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে গণতন্ত্ৰক পুতলা কৰি তুলিছিল আৰু ৰাষ্ট্ৰপতিক চহী কৰিবলৈ বাধ্য কৰাইছিল। তেওঁ কয় যে- ‘আজি যিসকলে সংবিধানৰ প্ৰতিলিপি কঢ়িয়াই লৈ ফুৰে তেওঁলোক সেই সময়ছোৱাত সংবিধানৰ হত্যাকাণ্ডৰ বাবে দায়ী।’ তেওঁ কয় যে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰতে উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। বিজেপিয়ে ভোট-চালিত ৰাজনীতি নহয়, বৰঞ্চ ‘ৰাষ্ট্ৰ প্ৰথম’ৰ নীতিৰে কাম কৰে।
পৰিবহণ মন্ত্ৰী দয়াশংকৰ সিঙে কয় যে জৰুৰীকালীন সময়ত গণতন্ত্ৰ সংগ্ৰামীসকলে যি সাহসেৰে সংবিধান ৰক্ষা কৰিছিল, সেই কাৰণেই আজিও দেশত গণতন্ত্ৰ আৰু মত প্ৰকাশৰ স্বাধীনতা জীয়াই আছে। তেওঁ কয় যে জৰুৰীকালীন অৱস্থা ভাৰতীয় ৰাজনীতিৰ ইতিহাসত এক মচিব নোৱাৰা কলংক।
প্ৰাক্তন মন্ত্ৰী সুৰেশ ৰাণাই কয় যে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কেৱল নিজৰ ক্ষমতা ৰক্ষাৰ বাবেই সমগ্ৰ দেশৰ ওপৰত জৰুৰীকালীন অৱস্থা জাপি দিছিল। তেওঁ কয়, ‘যি দেশৰ যুৱসকলে স্বাধীনতাৰ বাবে ফাঁচীৰ সন্মুখীন হৈছিল, সেইখন দেশৰ স্বাধীনতা ক্ষমতাৰ লোভত মষিমূৰ কৰিছিল।’ ৰাণাই যুৱক-যুৱতীসকলক গণতন্ত্ৰৰ বাবে সেই যুঁজৰ ইতিহাস জানি আগুৱাই নিবলৈ আহ্বান জনায়।
এই উপলক্ষে মঞ্চত উপবিষ্ট অতিথিসকলে ১১ জন গণতন্ত্ৰ সংগ্ৰামীক অংগবস্ত্ৰ, শংখ আৰু প্ৰশস্তি পত্ৰৰে সন্মানিত কৰে। সম্বৰ্ধনা লাভ কৰা সকলৰ ভিতৰত ভাৰত দীক্ষিত, ৰাজেন্দ্ৰ তিৱাৰী, মণিৰাম পাল, ভানু প্ৰতাপ, গংগা প্ৰসাদ, ৰমাশংকৰ ত্ৰিপাঠী, দীনেশ প্ৰতাপ সিং, দীনেশ অগ্নিহোত্ৰী, অজিত সিং, বিষ্ৰম সাগৰ আৰু সুৰেশ ৰাজৱানী আছিল।
লক্ষ্ণৌৰ মেয়ৰ সুষমা খৰ্কৱালে কয়, আমি আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা জৰুৰীকালীন অৱস্থাৰ যন্ত্ৰণা শুনিছো; আনকি চৰকাৰী কৰ্মচাৰীৰ দৰমহাও সেই সময়ছোৱাত বন্ধ ৰখা হৈছিল। অনুষ্ঠানটো পৰিচালনা কৰে অধ্যাপক অমিত কুশৱাহাই।
এই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত হিন্দুস্থান সমাচাৰৰ পৰিচালক অৰবিন্দ মাৰ্ডিকাৰ, ৰাজেন্দ্ৰ চাক্সেনা, স্বামী মুৰাৰী দাস, প্ৰশান্ত ভাটিয়া, হৰিশ শ্ৰীবাস্তৱ, অবনীশ ত্যাগী, মনীষ শুক্লা, আনন্দ ডুবে, ড° হৰনাম সিং আৰু অনিল আদিকে ধৰি গণ্যমান্য ব্যক্তিসকল অন্যতম আছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
