মেকায় (অষ্ট্ৰেলিয়া), ০৮ অক্টোবৰ (হি.স.): ভাৰতৰ ১৯ অনুৰ্ধ দলটোৱে দ্বিতীয়খন যুৱ টেষ্টত অষ্ট্ৰেলিয়া ১৯ অনুৰ্ধ দলটোক পৰাস্ত কৰি দুখন মেচৰ টেষ্ট শৃংখলাৰ ২-০ ব্যৱধানত ক্লিন ছুইপ সম্পূৰ্ণ কৰে। গ্ৰেট বেৰিয়াৰ ৰিফ এৰিনাত খেলা খেলখনত ভাৰতে ১৩ অভাৰতকৈও কম সময়ত ৮১ ৰাণৰ লক্ষ্য অৰ্জন কৰি ৭ উইকেটত জয়লাভ কৰে। এই ভ্ৰমণ ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলৰ বাবে অতি সফল আছিল, তিনিখন এদিনীয়া আৰু দুখন টেষ্টকে ধৰি পাঁচখন মেচতে জয়লাভ কৰিছিল।
বেদান্ত ত্ৰিবেদীয়ে অপৰাজিত ৩৩ আৰু চাৰি কোবাই ভাৰতক লক্ষ্যত উপনীত হোৱাত সহায় কৰে। অধিনায়ক আয়ুষ ম্হাত্ৰেই ১৩ ৰাণ, বিহান মালহোত্ৰাই ২১ ৰাণ, ৰাহুল কুমাৰে অপৰাজিত ১৩ ৰান কৰে। অৱশ্যে বৈভৱ সূৰ্য্যবংশীয়ে এক ৰাণ নকৰাকৈকৈ আউট হয়। এই ভ্ৰমণৰ আটাইতকৈ সফল বেটছমেন আছিল বেদান্ত ত্ৰিবেদী। এদিনীয়াত ১৭৩ ৰান আৰু টেষ্টত ১৯৮ ৰান সংগ্ৰহ কৰে। বৈভৱ সূৰ্যবংশীয়ে টেষ্টত ১৩৩ ৰানেৰে দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শন কৰাৰ লগতে এদিনীয়া মেচতো ১২৪ ৰানেৰে তৃতীয় স্থান দখল কৰে।
ইয়াৰ পূৰ্বে প্ৰথমে বেটিং কৰা অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ১৩৫ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত ভাৰতে প্ৰথম ইনিংছত ১৭১ ৰাণ সংগ্ৰহ কৰি ৩৬ ৰাণৰ অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছত দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াক ১১৬ ৰাণত আউট কৰে। বলিঙত নমন পুষ্পক আৰু হেনিল পেটেলে তিনিটাকৈ উইকেট দখল কৰে। অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক ৩৮ ৰান সংগ্ৰহ কৰে উইকেটকীপাৰ এলেক্স লি ইয়ঙে।
हिन्दुस्थान समाचार / অৰৱিন্দ
