কামৰূপ, ০৭ অক্টোবৰ (হি.স.)। দক্ষিণ কামৰূপৰ বৰিহাটত নাজিৰ আলি সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত। এখেত হৈছে মহম্মদ চিৰাজ আলি।
বিগত সময়ত বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী মহম্মদ চিৰাজ আলিৰ সমাজৰ হকে আছে বহু অৱদান। বহু অনুষ্ঠান প্ৰতিষ্ঠানত চিৰাজ আলিয়ে সহায় সহযোগ আগবঢ়াই আহিছে।
তেওঁৰ প্ৰয়াত পিতৃ নাজিৰ আলিৰ সোঁৱৰণত আমৰাঙ্গা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বহু বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে নাজিৰ আলি সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতা।
এইবেলিও আজি মঙ্গলবাৰে এই খেলখনৰ শুভ আৰম্ভণি কৰা হয়। আৰম্ভণিৰ দিনটোত প্ৰথমে খেলৰ পতাকা উত্তোলন কৰাৰ লগতে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
পতাকা উত্তোলন কৰে প্ৰাক্তন খেলুৱৈ জীৱন দাসে। ইয়াৰ পিছতে খেলৰ শুভাৰম্ভণি কৰা হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
