• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > চিকিৎসা বিজ্ঞানী মেৰী ব্ৰুংকো, ৰেমছডেল, আৰু শ্বিমন ছাকাগুচিলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা
International

চিকিৎসা বিজ্ঞানী মেৰী ব্ৰুংকো, ৰেমছডেল, আৰু শ্বিমন ছাকাগুচিলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা

CliQ INDIA
Last updated: October 7, 2025 3:25 am
CliQ INDIA
Share
4 Min Read
SHARE

ষ্টকহ’ম, ০৬ অক্টোবৰ (হি.স.)। চলিত ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা সোমবাৰে ঘোষণা কৰা হয়। ২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল প্ৰদান কৰিব বিশ্বৰ তিনিগৰাকী প্ৰখ্যাত চিকিৎসা বিজ্ঞানীক। এই বছৰ তিনিগৰাকী বিজ্ঞানীয়ে—মেৰী ই ব্ৰুংকো, ফ্ৰেড ৰেমছডেল আৰু শ্বিমন ছাকাগুচিয়ে পেৰিফেৰেল ইমিউন টোলাৰেন্স (Peripheral Immune Tolerance)ৰ ওপৰত কৰা গৱেষণাৰ বাবে এই বঁটা লাভ কৰিছে।

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে মেডিচিনৰ নোবেল বঁটা বিজয়ীসকলৰ নাম ঘোষণা কৰে। তেওঁলোকে ১০ ডিচেম্বৰত ষ্টকহ’মত ১০৩ মিলিয়ন ₹, সোণৰ পদক, আৰু প্ৰমাণ পত্ৰ লাভ কৰিব।

ব্ৰুংকো, ৰেমছডেল আৰু ছাকাগুচিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সুৰক্ষামূলক ৰক্ষক নিয়ন্ত্ৰণকাৰী টি-চেল চিনাক্ত কৰিছিল, যিয়ে নিশ্চিত কৰে যে প্ৰতিৰোধ ক্ষমতা কোষে আমাৰ নিজৰ শৰীৰক আক্ৰমণ নকৰে। এই গৱেষণাৰ ফলত কেন্সাৰ আৰু অটোইম্যুন ৰোগৰ চিকিৎসাৰ আৱিষ্কাৰ হৈছে। তদুপৰি এই আৱিষ্কাৰসমূহে অংগ প্ৰতিস্থাপনতো সহায় কৰিছে।

আচলতে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই আমাক প্ৰতিদিনে হাজাৰ হাজাৰ লাখ অণুজীৱৰ পৰা ৰক্ষা কৰে। এই সকলোবোৰ অণুজীৱৰ ৰূপ বেলেগ বেলেগ। আনকি বহুতে মানুহৰ কোষৰ বেশত নিজকে বিকশিত কৰাৰ ক্ষমতাও গঢ়ি তুলিছে, যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাই কোনটোক আক্ৰমণ কৰিব লাগে আৰু কোনটোক ৰক্ষা কৰিব লাগে সেইটো পৃথক কৰাটো কঠিন হৈ পৰিছে।

উল্লেখ্য যে ব্ৰুংকো হৈছে ছিয়াটলৰ ইনষ্টিটিউট অৱ ছিষ্টেম বায়’ল’জীৰ জ্যেষ্ঠ প্ৰ’গ্ৰেম মেনেজাৰ। ৰামছডেল হৈছে ছান ফ্ৰাঞ্চিছকোৰ ছ’ন’মা বায়’থেৰাপিউটিকছৰ বৈজ্ঞানিক উপদেষ্টা। আনহাতে, ছাকাগুচি হৈছে জাপানৰ ওছাকা বিশ্বশ্ববিদ্যালয়ৰ ইমিউন’ল’জী ফ্ৰণ্টিয়াৰ ৰিচাৰ্ছ চেণ্টাৰৰ অধ্যাপক। এওঁলোকৰ গৱেষণাই কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন দিশৰ সূচনা কৰিব। অট’ইমিউন ৰোগৰ ক্ষেত্ৰতো এওঁলোকৰ গৱেষণাই চিকিৎসাৰ বাট মুকলি কৰিব।

পেৰিফেৰেল ইমিউন টোলাৰেন্স এনে এক ব্যৱস্থা যি শৰীৰৰ প্ৰতিৰোধ প্ৰণালীক অনিয়ন্ত্ৰিত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। এই গৱেষণাই অনিয়ন্ত্ৰিত প্ৰতিৰোধ প্ৰণালীয়ে বহিঃ সংক্ৰমণৰ পৰিৱৰ্তে নিজৰ শৰীৰৰ কলাবোৰক আক্ৰমণ কৰাৰ পৰা ৰক্ষা কৰে। এক কথাত নিজৰ শৰীৰৰ কোষ আৰু কলাবোৰৰ ক্ষতি নকৰিকৈ প্ৰতিৰোধ প্ৰণালীক নিয়ন্ত্ৰিত কৰি ৰখাটোৱেই হৈছে পেৰিফেৰেল ইমিউন ট’লাৰেঞ্চৰ সাফল্য। প্ৰতিৰোধ প্ৰণালী নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে শৰীৰত দুৰাৰোগ্য অট’ইমিউন ৰোগ হ’ব পাৰে, নানা ধৰণৰ এলাৰ্জী হ’ব পাৰে। প্ৰতিৰোধ প্ৰণালী নিয়ন্ত্ৰণৰ বাহিৰলৈ গ’লে অংগ ট্ৰেঞ্চপ্লেণ্টেচন বা সংৰোপণ প্ৰক্ৰিয়া সফল কৰিব নোৱাৰি।

চিকিৎসা বিজ্ঞানৰ নোবেল বঁটাক আনুষ্ঠানিকভাৱে শৰীৰবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা বুলি জনা যায়। যোৱা বছৰৰ এই বঁটা আমেৰিকাৰ নাগৰিক ভিক্টৰ এম্ব্ৰ’জ আৰু গেৰী ৰুভকুনক মাইক্ৰ’-ৰাইব’নিউক্লিক এচিড (আৰ এন এ) আৱিষ্কাৰৰ বাবে প্ৰদান কৰা হৈছিল।

ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান বিজ্ঞানী হৰগোবিন্দ খোৰানাই লাভ কৰিছিল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা। ১৯৬৮ চনত তেওঁ এই বঁটা লাভ কৰিছিল। তেওঁ জেনেটিক ক’ড আৱিষ্কাৰ কৰিছিল, য’ত আমাৰ শৰীৰত প্ৰ’টিন কেনেকৈ তৈয়াৰ হয় সেই বিষয়ে ব্যাখ্যা কৰা হৈছে। এই আৱিষ্কাৰে চিকিৎসা বিজ্ঞানৰ জগতখনক ৰূপান্তৰিত কৰিছিল আৰু কেন্সাৰ চিকিৎসা, চিকিৎসা, আৰু জেনেটিক ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত সহায় কৰিছিল। তেওঁৰ এই আৱিষ্কাৰে বুজাই দিলে যে কেনেকৈ ডি এন এয়ে শৰীৰৰ বাবে অপৰিহাৰ্য প্ৰটিন তৈয়াৰ কৰে। ভাৰতৰ সৈতে জড়িত ১২ জন ব্যক্তিয়ে নোবেল বঁটা লাভ কৰিছে যদিও চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত কেৱল খোৰানাইহে লাভ কৰিছে।

উল্লেখযোগ্য যে ১৮৯৫ চনত প্ৰতিষ্ঠা হোৱা ন’বেল বঁটা।১৯০১ চনত প্ৰথম বঁটা প্ৰদান কৰা হৈছিল।১৯০১ চনৰ পৰা ২০২৪ চনলৈকে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত ২২৯ জন ব্যক্তিক সন্মানিত কৰা হৈছে। বিজ্ঞানী তথা উদ্ভাৱক আলফ্ৰেড বাৰ্নহাৰ্ড নোবেলৰ ইচ্ছাৰ ভিত্তিত এই বঁটা প্ৰদান কৰা হয়। প্ৰথম অৱস্থাত কেৱল পদাৰ্থ বিজ্ঞান, চিকিৎসা বিজ্ঞান, ৰসায়ন বিজ্ঞান, সাহিত্য, শান্তিৰ ক্ষেত্ৰতহে ন’বেল বঁটা প্ৰদান কৰা হৈছিল। পিছলৈ অৰ্থনীতিৰ ক্ষেত্ৰতো ন’বেল বঁটা প্ৰদান কৰা হয়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

টাইৱানত ৰাষ্ট্ৰপতি আৰু বিধানসভা নিৰ্বাচনৰ বাবে ভোটদান আৰম্ভ
নৌসেনাৰ বাবে ২০০টা ব্ৰাহ্ম’ছ ছুপাৰছ’নিক মিছাইল ক্ৰয়ৰ অনুমোদন চিচিএছৰ
নেপালৰ সংসদীয় নিৰ্বাচন সফল কৰিবলৈ যুৱক-যুৱতীসকলক ৰাষ্ট্ৰপতিৰ আহ্বান
বাংলাদেশত হিন্দুক আক্ৰমণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ ৫ জন
এপষ্টেইন গোচৰত ট্ৰাম্প প্ৰশাসনर বিপৰ্যয়, গোপনীয় নথি ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰে ন্যায়াধীশে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কেভিএছ কাষ্টিংছৰ শক্তিশালী অভিষেক, শক্তিশালী তালিকাৰ পিছত উচ্চ চাৰ্কিটত চামিল
Next Article জয়পুৰ চিকিৎসালয়ৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি প্ৰিয়ংকা গান্ধীৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?