নতুন দিল্লী, ০৫ অক্টোবৰ (হি.স.)। বিশ্বৰ সৰ্ববৃহৎ আৰু জনপ্ৰিয় ক্ৰিপ্টোকাৰেন্সী বিটকইন আজি আন এক অভিলেখ গঢ়িলে। দিনটোৰ ব্যৱসায়ৰ সময়ছোৱাত এই ক্ৰিপ্টোকাৰেন্সীৰ মূল্য প্ৰায় ২.৭ শতাংশ জঁপিয়াই ১,২৫,২৫৪.৫৭ ডলাৰত উপনীত হয়।
ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ আগষ্ট মাহত বিটকইনই অভিলেখ সৃষ্টি কৰিছিল ১,২৪,৪৮০ ডলাৰ। পৰৱৰ্তী সময়ত এই ক্ৰিপ্টোকাৰেন্সীৰ মূল্য হ্ৰাস পায়। আজিৰ ট্ৰেডিঙত প্ৰায় ২ বজাত. ভাৰতীয় সময়ত বিটকইনৰ নতুন অভিলেখ গঢ়িলে। অৱশ্যে ৫ বজাত বিটকইনৰ মূল্য আছিল ১,২৫,২৩৩.২৬ ডলাৰ।
বজাৰ বিশেষজ্ঞসকলৰ মতে বিটকইনৰ মূল্য বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে বিটকইন এক্সচেঞ্জ ট্ৰেডেড ফাণ্ডত বিনিয়োগ। ইয়াৰ উপৰিও ৱাল ষ্ট্ৰীটত হোৱা উত্থানে বিটকইনৰ মূল্যকো সমৰ্থন কৰিছে।
ড’নাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা বিটকইনৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আমেৰিকাত ক্ষমতা দখল কৰাৰ পিছৰে পৰা ড’নাল্ড ট্ৰাম্পে ক্ৰিপ্টোকাৰেন্সীৰ সন্দৰ্ভত কেইবাটাও অনুকূল নিয়ম কাৰ্যকৰী কৰিছে, যিয়ে বিটকইনকে ধৰি বেছিভাগ ক্ৰিপ্টোকাৰেন্সীকে উল্লেখযোগ্য সমৰ্থন আগবঢ়াইছে। তদুপৰি প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে এই বছৰ বিটকইনত বিনিয়োগ যথেষ্ট বৃদ্ধি কৰিছে, যাৰ ফলত এই ক্ৰিপ্টোকাৰেন্সীৰ শক্তিশালী গতি অব্যাহত আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
