নতুন দিল্লী, ০৫ অক্টোবৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাৰ্জিলিং দলং দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাৰ ঘটনাত গভীৰ দুঃখ প্ৰকাশ কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, দাৰ্জিলিং দলং দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাত মই গভীৰভাৱে দুখী। নিজৰ আপোনজনক হেৰুৱাই পেলোৱাসকলৰ প্ৰতি মোৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে চোৱা হৈছে। তেওঁ ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।
উল্লেখযোগ্য যে ধাৰাবাহিকভাৱে হোৱা ধাৰাসাৰ বৰষুণে উত্তৰ বংগত স্বাভাৱিক জীৱনত ব্যাঘাত জন্মাইছে। দাৰ্জিলিং জিলাত ভূমিস্খলন আৰু দলং ভাঙি কেইবাজনো লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নিৰুদ্দেশ হৈছে দুজন। অঞ্চলটোৰ মিৰিক আৰু সুখীয়া অঞ্চলত হোৱা ভূমিস্খলনেও কেইবাজনো প্ৰাণ হেৰুৱাইছে। দুৰ্ঘটনাৰ পিছতে দাৰ্জিলিং জিলা আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা দলে সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। ইফালে কালিম্পঙৰ পৰিস্থিতি সংকটজনক হৈয়ে আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
