নতুন দিল্লী, ০৩ অক্টোবৰ (হি.স.)। ঘৰুৱা অলংকাৰ বজাৰত সোণ-ৰূপৰ মূল্যৰ উৰ্ধমুখী ধাৰা অব্যাহত আছে। মূল্যবৃদ্ধিৰ বাবে দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেটৰ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,১৮,৬৮০ টকাৰ পৰা ১,১৮,৮৩০ টকাৰ ভিতৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণ আজি প্ৰতি ১০ গ্ৰামত ১,০৮,৭৯০ টকাৰ পৰা ১,০৮,৯৪০ টকাৰ ভিতৰত বিক্ৰী হৈছে। ইফালে ৰূপৰ মূল্যবৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ১,৫৩,১০০ টকাত বিক্ৰী কৰা হৈছে।
দিল্লীত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,১৮,৮৩০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৮,৯৪০ টকা । ইফালে, দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৮,৬৮০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০৮,৭৯০ টকা বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,১৮,৭৩০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০৮,৮৪০ টকা।
এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,১৮,৬৮০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেটৰ সোণ ১,০৮,৭৯০ টকাত বিক্ৰী কৰা হৈছে। কলকাতাতো ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,১৮,৬৮০ টকা আৰু ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৮,৭৯০ টকা।
লক্ষ্ণৌৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,১৮,৮৩০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০৮,৯৪০ টকাত বিক্ৰী হৈছে। পাটনাত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,১৮,৭৩০ টকা, আনহাতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৮,৮৪০ টকা। জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,১৮,৮৩০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,০৮,৯৪০ টকাত বিক্ৰী কৰা হৈছে।
দেশৰ আন ৰাজ্যৰ দৰে কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য বৃদ্ধি পাইছে। ৰাজ্যৰ তিনিখন ৰাজধানী বেংগালুৰু, হায়দৰাবাদ, আৰু ভুৱনেশ্বৰত ২৪ কেৰেটৰ সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১১৮,৬৮০ ₹। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১০৮,৭৯০ টকাত বিক্ৰী হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
