
নতুন দিল্লী, ৩০ ছেপ্টেম্বৰ (হি স)। ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা বিজয় মালহোত্ৰাৰ আজি পুৱা ৯৪ বছৰ বয়সত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ এইমছত দেহাৱসান ঘটে। এই কথা ঘোষণা কৰি এইমছে এক বিবৃতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্স বাৰ্তাত লিখিছে, শ্ৰী বিজয় কুমাৰ মালহোত্ৰা জী আছিল ৰাজহুৱা বিষয়ৰ গভীৰ জ্ঞান থকা এজন অসাধাৰণ নেতা। দিল্লীত আমাৰ দলটোক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সংসদীয় বিষয়ত তেওঁৰ হস্তক্ষেপৰ বাবেও তেওঁক স্মৰণ কৰা হয়। তেওঁৰ মৃত্যুত মই ব্যথিত। তেওঁৰ পৰিয়াল আৰু প্ৰশংসকসকললৈ সমবেদনা। ওম শান্তি।
বিগত ৪৫ বছৰে দিল্লীৰ পৰা পাঁচবাৰৰ সাংসদ আৰু দুবাৰৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল বিজেপি নেতা মালহোত্ৰাই। ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত মালহোত্ৰাই দিল্লীৰ আসন লাভ কৰা একমাত্ৰ বিজেপি প্ৰাৰ্থী আছিল। সমগ্ৰ ৰাজনৈতিক জীৱনত মালহোত্ৰাই নিকা আৰু নিৰ্মল ভাবমূৰ্তি বজাই ৰাখিছিল। তেওঁ হিন্দী সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ৰাজনৈতিক আৰু সামাজিক কাম-কাজৰ উপৰিও তেওঁ দিল্লীৰ দবা আৰু ধনুৰ্বিদ ক্লাব প্ৰশাসনৰ লগতো জড়িত আছিল।
১৯৩১ চনৰ ৩ ডিচেম্বৰত বৰ্তমানৰ পাকিস্তানৰ লাহোৰত জন্মগ্ৰহণ কৰিছিল মালহোত্ৰাই। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পৰা ওলাই আহি তেওঁ ৰাজনীতিত প্ৰৱেশ কৰে। জনসংঘৰ সময়ছোৱাত মালহোত্ৰাই দিল্লীত আৰ এছ এছৰ মতাদৰ্শ প্ৰচাৰৰ বাবে ব্যাপক কাম কৰিছিল।
দিল্লী বিজেপিৰ ৰাজ্যিক সভাপতি বীৰেন্দ্ৰ সচদেৱে কয় যে দলৰ জ্যেষ্ঠ নেতা তথা দিল্লী বিজেপিৰ প্ৰথম সভাপতি অধ্যাপক বিজয় কুমাৰ মালহোত্ৰাৰ আজি পুৱা হঠাতে দেহাৱসান ঘটে। তেওঁ কয় যে অধ্যাপক মালহোত্ৰাৰ জীৱনটো আছিল সৰলতা আৰু জনসেৱাৰ প্ৰতি নিষ্ঠাৰ নিদৰ্শন। আমি সকলোৱে তেওঁৰ জীৱনৰ পৰা প্ৰেৰণা লোৱা উচিত।
তেওঁ কয় যে অধ্যাপক বিজয় কুমাৰ মালহোত্ৰা আছিল দিল্লীৰ প্ৰথম উন্নয়ন পুৰুষ। ১৯৭০-৭৫ চনৰ পৰা মুখ্য কাৰ্যবাহী কাউন্সিলাৰ হিচাপে থকা সময়ছোৱাত তেওঁ পেটেল নগৰক মতি নগৰৰ সৈতে সংযোগ কৰা দিল্লীৰ প্ৰথমখন উৰণীয়া সেতু নিৰ্মাণ কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
