নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত দেওবাৰে এছিয়া কাপৰ ফাইনেল খেলৰ পিছত সংঘটিত হয় এক অভূতপূৰ্ব ঘটনা। খিতাপ জয় কৰাৰ পিছতো ভাৰতীয় দলটোক এই ট্ৰফী প্ৰদান কৰা নহ’ল, কিয়নো খেলুৱৈসকলে এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি তথা পাকিস্তানৰ গৃহমন্ত্ৰী তথা পিচিবিৰ মুৰব্বী মহছিন নাকৱীৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।
ভাৰতে পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি নৱমবাৰৰ বাবে এছিয়া কাপ জয় কৰে যদিও এই জয়ৰ পিছতে ট্ৰফী আৰু পদক বিতৰণ কৰা নহ’ল।
মেচৰ পিছৰ সংবাদমেলত ভাৰতীয় অধিনায়ক সূৰ্য্যকুমাৰ যাদৱে কয় যে, মই ক্ৰিকেট খেলিবলৈ আৰু চাবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা কোনো চেম্পিয়ন দলক ট্ৰফীৰ পৰা বঞ্চিত হোৱা দেখা নাই। এয়া আমাৰ কষ্টোপাৰ্জিত ধন, আৰু আমি ইয়াৰ যোগ্য আছিলো। মোৰ বাবে আচল ট্ৰফী হ’ল মোৰ ড্ৰেছিং ৰুমত থকা ১৪ জন খেলুৱৈ আৰু সহায়ক কৰ্মচাৰী।
সূৰ্যকুমাৰে এছিয়া কাপৰ পৰা সকলো মেচ মাচুল ভাৰতীয় সেনাক দান কৰিব বুলিও ঘোষণা কৰে। তেওঁ কয় যে এই প্ৰতিযোগিতাত উপাৰ্জন কৰা সকলো মেচ মাচুল ভাৰতীয় সেনাক দান কৰিব বিচাৰিছো।
মেচ শেষ হোৱাৰ পাছত ভাৰতীয় দলটোৱে প্ৰায় ডেৰ ঘণ্টা ধৰি ট্ৰফীৰ বাবে অপেক্ষা কৰিছিল যদিও কোনো বঁটা প্ৰদান কৰা নহ’ল। গভীৰ নিশা খেলুৱৈসকলে নিজেই মঞ্চত উপস্থিত হৈ জয়ৰ উদযাপন কৰে।
এই কথা শুনি সূৰ্য্যকুমাৰে হাঁহি হাঁহি ক’লে, আমি উদযাপন কৰিবলৈ ডেৰ ঘণ্টা অপেক্ষা কৰিলোঁ। আনকি ‘চেম্পিয়নছ’ ব’ৰ্ডো আহিল আৰু গ’ল। মইও সেইটো দেখিলোঁ।
সংবাদমেলৰ সময়ত এজন পাকিস্তানী সাংবাদিকে টিম ইণ্ডিয়াৰ আচৰণক লৈ প্ৰশ্ন উত্থাপন কৰি যুক্তি দিছিল যে ই ৰাজনীতি আৰু ক্ৰীড়াৰ সংমিশ্ৰণ ঘটাইছে। মিডিয়া মেনেজাৰে প্ৰশ্নটো বিচ্যুত কৰিলে, আনহাতে সূৰ্য্যকুমাৰে হাঁহি এটা মাৰি উত্তৰ দিলে, আপোনাৰ খং উঠিছে নেকি?
বিচিচিআইয়ে এচিচিক আগতীয়াকৈ জনাইছে নেকি যে দলটোৱে নাকভিৰ পৰা ট্ৰফী গ্ৰহণ নকৰে বুলি সোধাত তেওঁ কয়, আমি খেলপথাৰতে সেই সিদ্ধান্ত লৈছিলো। আমি কোনো নিৰ্দেশনা পোৱা নাছিলো।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
