– ১৪ দিনত তৃতীয়বাৰৰ বাবে পাকিস্তানক পৰাস্ত কৰিলে টিম ইণ্ডিয়াই
ডুবাই, ২৯ ছেপ্টেম্বৰ (হি.স.)। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত এছিয়া কাপ ২০২৫ৰ ফাইনেলত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰি ভাৰতে নৱমবাৰৰ বাবে এছিয়ান চেম্পিয়নশ্বিপ লাভ কৰে। তিলক বৰ্মাৰ উজ্জ্বল অপৰাজিত ৬৯ ৰানৰ ইনিংছে দলৰ এটা মূৰ একেলগে ধৰি ৰাখি ভাৰতৰ জয়ৰ ভেটি স্থাপন কৰে।
১৪৭ ৰানৰ লক্ষ্য খেদি ভাৰতে দুৰ্বল আৰম্ভণি কৰি অভিষেক শৰ্মা, শুভমন গিল, আৰু সূৰ্য্যকুমাৰ যাদৱৰ উইকেট ২০ ৰানত হেৰুৱায়। ইয়াৰ পিছতে চতুৰ্থ উইকেটৰ বাবে সঞ্জু চেমছন আৰু তিলক বৰ্মাই অৰ্ধশতকৰ অংশীদাৰিত্ব ভাগ কৰে। সঞ্জুৱে ২৪ ৰানত আউট হয়।তাৰ পিছত শিৱম ডুবেই তিলক বৰ্মাৰ সৈতে অৰ্ধশতকৰ অংশীদাৰিত্ব ভাগ কৰি ২২টা বলত ৩৩ ৰান সংগ্ৰহ কৰে।
২০ অভাৰ সম্পূৰ্ণ কৰিব নোৱাৰি ১৪৬ ৰাণত অল আউট হৈছিল পাকিস্তানী দলটো। অ’পেনাৰ ফাৰহান আৰু ফাখৰে প্ৰাৰম্ভিক ৮৪ ৰান সংযোজন কৰি আশাৰ সঞ্চাৰ কৰিছিল যদিও ভাৰতীয় স্পিনাৰে পাকিস্তানক ঘেৰি ধৰে। কুলদীপ যাদৱে ৪টা, অক্ষৰ পেটেল আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে যশপ্ৰীত বুমৰাহে দুটা উইকেট দখল কৰে। পাকিস্তানৰ চাহিবজাদা ফাৰহানে ৫৭ আৰু ফাখৰ জামানে ৪৬ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে আন কোনো বেটছমেনে ডাবল ফিগাৰত উপনীত হ’ব নোৱাৰিলে।
ভাৰত-পাকিস্তানৰ খেলৰ সন্দৰ্ভত এছিয়া কাপ ২০২৫ত ১৪ দিনত তিনিবাৰকৈ পাকিস্তানক পৰাস্ত কৰিছিল টিম ইণ্ডিয়াই। প্ৰথমে প্ৰতিযোগিতাখনৰ লীগ মেচত, তাৰ পিছত ছুপাৰ-৪ মেচত, আৰু এতিয়া ফাইনেলত ৫ উইকেটত।
हिन्दुस्थान समाचार / অৰৱিন্দ
