মুম্বাই, ২৮ ছেপ্টেম্বৰ (হি.স.)। দিল্লীৰ প্ৰাক্তন অধিনায়ক মিথুন মানহাছক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ নতুন সভাপতি নিৰ্বাচিত কৰা হৈছে। দেওবাৰে মুম্বাইত অনুষ্ঠিত বিচিচিআইৰ ৯৪ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। আগষ্ট মাহত ভাৰতীয় প্ৰাক্তন অলৰাউণ্ডাৰ ৰজাৰ বিন্নীয়ে পদত্যাগ কৰাৰ পিছৰে পৰা সভাপতিৰ পদ খালী হৈ আছিল। তেতিয়াৰ পৰাই উপ-সভাপতি ৰাজীৱ শুক্লাই অন্তৱৰ্তীকালীন সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। শুক্লা এতিয়া উপ-সভাপতি হিচাপে অব্যাহত থাকিব, আনহাতে দেৱজিৎ লন শইকীয়া সম্পাদক হিচাপে অব্যাহত থাকিব।
বিচিচিআইৰ পদাধিকাৰীৰ তালিকাত যোগদান কৰিছে আন এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ। নতুন কোষাধ্যক্ষ হিচাপে পৰিগণিত হৈছে প্ৰাক্তন স্পিনাৰ ৰঘুৰাম ভাট। পূৰ্বৰ কোষাধ্যক্ষ প্ৰভাৱতেজ সিং ভাটিয়াক যুটীয়া সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছে। জ্যেষ্ঠ পুৰুষৰ বাছনি সমিতিতো পৰিৱৰ্তন দেখা গৈছে। এছ শৰথ আৰু সুব্ৰটো বেনাৰ্জীৰ ঠাইত প্ৰাক্তন খেলুৱৈ প্ৰজ্ঞান ওঝা আৰু আৰ পি সিঙক অন্তৰ্ভুক্ত কৰা হৈছে। অজিত আগৰকাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই সমিতিখন ২০২৬ চনৰ টি-২০ বিশ্বকাপলৈকে কাৰ্যভাৰত থাকিব। শৰথক এতিয়া কনিষ্ঠ বাছনি সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
সৌৰাষ্ট্ৰৰ প্ৰাক্তন অধিনায়ক জয়দেৱ শ্বাহক বিচিচিআই এপেক্স কাউন্সিলত অন্তৰ্ভুক্ত কৰা হৈছে। মিজোৰামৰ খাইৰুল জামাল মজুমদাৰক আই পি এল গভৰ্নিং কাউন্সিলৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে। মহিলা বাছনি সমিতিতো সালসলনি কৰা হৈছে। নীতু ডেভিদৰ ঠাইত নতুন অধ্যক্ষ হিচাপে অমিতা শৰ্মা অধিষ্ঠিত হৈছে। তেওঁৰ দলত আছে শ্যামা দে, সুলক্ষনা নাইক, জয়া শৰ্মা আৰু শ্ৰৱন্তী নাইডু।
মহিলা প্ৰিমিয়াৰ লীগ কমিটীৰ অধ্যক্ষ হ’ব জয়শ জৰ্জে। ইয়াত অৰুণ ধুমলৰ লগতে মানহাস, শুক্লা, শইকীয়া, ভাটিয়া, আৰু ভাট অন্তৰ্ভুক্ত। অক্টোবৰ মাহত ৪৬ বছৰ সম্পূৰ্ণ কৰা মানহাছক ভাৰতীয় ঘৰুৱা ক্ৰিকেটৰ কিংবদন্তি হিচাপে গণ্য কৰা হয়। ১৫৭ খন প্ৰথম শ্ৰেণীৰ মেচত ৯,৭১৪ ৰান, ১৩০ খন লিষ্ট এ মেচত ৪,১২৬ ৰান, আৰু ৯১ খন টি-২০ মেচত ১১৭০ ৰান সংগ্ৰহ কৰে। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ প্ৰশিক্ষকৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে আৰু আই পি এল দলৰ সৈতেও জড়িত হৈ আহিছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
