কেনবেৰা, ২৭ ছেপ্টেম্বৰ (হি.স.)। অষ্ট্ৰেলিয়া ভ্ৰমণৰ দ্বিতীয়খন খেলত ভাৰতীয় জুনিয়ৰ মহিলা হকী দলে অষ্ট্ৰেলিয়াৰ ২১ বছৰ অনুৰ্ধ দলৰ বিৰুদ্ধে ০-৫ গ’লত পৰাস্ত হয়। শনিবাৰে কেনবেৰাৰ নেশ্যনেল হকী চেণ্টাৰত অনুষ্ঠিত হয় এই খেলখন।
অষ্ট্ৰেলিয়াৰ দলটোৰ হৈ মেকাইলা জ’নে (১০’, ১১’, ৫২’), ছামি লাভ (৩৮’), আৰু মিগালিয়া হাউৱেলে (৫০’) গ’ল দিয়ে।
প্ৰথমখন খেলত ২-৩ গ’লত সংকীৰ্ণ পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলটোৱে এই মেচখনত পুনৰ প্ৰত্যাৱৰ্তনৰ চেষ্টা চলাইছিল যদিও অষ্ট্ৰেলিয়াই আৰম্ভণিৰে পৰাই আগ্ৰাসী খেল খেলিছিল। দশম আৰু ১১ মিনিটত একেৰাহে দুটা গ’ল দি মেকাইলা জ’নে ভাৰতক প্ৰাৰম্ভিক হেঁচাত পেলাইছিল।
দ্বিতীয় কোৱাৰ্টাৰত ভাৰতীয় ডিফেণ্ডাৰসকলে নিজৰ লাইন শক্তিশালী কৰি অষ্ট্ৰেলিয়াক আগবাঢ়ি যাবলৈ বাধা দিয়ে। গ’লৰক্ষক আৰু ডিফেণ্ডাৰসকলে মিলি অহৰহ হেঁচা সহ্য কৰিবলৈ সক্ষম হয়। ভাৰতে দুই এটা আক্ৰমণ চলাইছিল যদিও গ’ল দিব নোৱাৰিলে।
দ্বিতীয়াৰ্ধত অষ্ট্ৰেলিয়াই হেঁচা বজাই ৰাখিছিল। ৩৮ মিনিটত ছামি লাভে গ’ল দি ৩-০ গ’লত অগ্ৰগতি লাভ কৰে। ভাৰতে কিছু দ্ৰুত পাল্টা আক্ৰমণৰ চেষ্টা কৰিছিল, কিন্তু সফল নহ’ল।
চতুৰ্থ কোৱাৰ্টাৰত মিগালিয়া হাউৱেলে (৫০’) মেচখন প্ৰায় ছীল কৰি দিয়ে আৰু ৫২ মিনিটত মেকাইলা জ’নে হেট্ৰিক সম্পূৰ্ণ কৰি ভাৰতক ৫-০ গ’লত জয়লাভ কৰে। ভাৰতে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছিল যদিও অষ্ট্ৰেলিয়াৰ ক্লিনিকেল ফিনিচিং সহ্য কৰিব নোৱাৰিলে।
ভাৰতীয় জুনিয়ৰ দলৰ বাবে এই ভ্ৰমণ এই ডিচেম্বৰ মাহত চিলিৰ ছান্টিয়াগোত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ জুনিয়ৰ মহিলা হকী বিশ্বকাপ ২০২৫ৰ গুৰুত্বপূৰ্ণ প্ৰস্তুতিৰ অংশ।
অহা ২৯ ছেপ্টেম্বৰত একেটা স্থানতে একেটা দলৰ বিৰুদ্ধে ভাৰতৰ পৰৱৰ্তী মেচ অনুষ্ঠিত হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
