গুৱাহাটী, ২৬ ছেপ্টেম্বৰ (হি.স.)। অসমৰ কিংবদন্তি সংগীত শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যখন গভীৰ শোকত ডুব গৈছে। অসমৰ সংগীত জগতৰ জুবিন গাৰ্গ নামৰ অসম আকাশৰ সৰ্বোজ্জ্বল নক্ষত্ৰটি খহি পৰাৰ খবৰে অসমৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে মৰ্মাহত কৰিছে । ইফালে, তেওঁৰ অৱদান আৰু উত্তৰাধিকাৰ ৰক্ষাৰ বাবে অসম সাহিত্য সভাই এক উল্লেখযোগ্য পদক্ষেপৰ কথা ঘোষণা কৰিছে।
সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে উল্লেখ কৰে যে জুবিন গাৰ্গ এজন “ৰাষ্ট্ৰীয় আইকন” আছিল আৰু তেওঁৰ মানৱীয় আদৰ্শ তেতিয়াহে পূৰণ হ’ব যেতিয়া চৰকাৰে তেওঁৰ অকাল মৃত্যুৰ বাবে দায়ীসকলক চিনাক্ত কৰি শাস্তি প্ৰদান কৰিব। তেওঁ কয় যে জুবিনৰ শত্ৰু, তোষামোদকাৰীসকলক বিচাৰি উলিয়াই চৰকাৰে শাস্তিৰ ব্যৱস্থা কৰিলেহে জুবিনৰ মানৱতাবাদী দৰ্শনে পূৰ্ণতা লাভ কৰিব । লগতে কয় যে জুবিন গাৰ্গ নামৰ সত্তাটো বিশ্ব দীপালি। সেয়ে দোষীক শাস্তি দিলে চৰকাৰৰ ভূমিকাও বিশ্বৰ সন্মুখত উজ্জ্বল হৈ ধৰা দিব ।
ড০ গোস্বামীয়ে উল্লেখ কৰে যে সাহিত্য সভাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, য’ত জুবিন গাৰ্গৰ বাবে মৰণোত্তৰ ভাৰত ৰত্নৰ আবেদন জনাইছে। অসম চৰকাৰকো এই পদক্ষেপক সহায় কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
এক ঐতিহাসিক সিদ্ধান্তত অসম সাহিত্য সভাই জুবিন গাৰ্গৰ সমগ্ৰ গ্ৰন্থ—তেওঁৰ গীত-কবিতা—অসমীয়া, ইংৰাজী, হিন্দী ভাষাত প্ৰকাশ কৰাৰ সংকল্প লৈছে। সংকলনৰ কাম আৰম্ভ হৈছে আৰু ২০২৬ চনৰ মাজভাগলৈকে প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
