গুৱাহাটী, ২৫ ছেপ্টেম্বৰ (হি.স.)। প্ৰয়াত গায়ক জুবিন গাৰ্গৰ বাদ্য সহযোগী শেখৰ জ্যোতি গোস্বামীৰ জালুকবাৰীৰ ফৰেষ্টস্কুলত থকা বাসগৃহত বৃহস্পতিবাৰে বিশেষ তদন্তকাৰী দলে অভিযান চলায়। প্ৰয়াত গায়ক জুবিন গাৰ্গৰ সৈতে গোস্বামীও ছিংগাপুৰলৈ গৈছিল আৰু ঘটনাস্থলীত উপস্থিত আছিল। জুবিনৰ মৃত্যুৰ পিছৰে পৰা তদন্ত অব্যাহত আছে।
জুবিনৰ মৃত্য়ুৰ ঘটনাৰ লগে লগে গোস্বামীৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হয়। জুবিনৰ মৃতদেহ গুৱাহাটীত উপস্থিত হোৱাৰ লগে লগে তেওঁ গোপনে নিজ বাসগৃহলৈ উভতি আহিছিল আৰু তেতিয়াৰ পৰাই তেওঁ ঘৰতে আছে। ইয়াৰ পূৰ্বে জুবিন ফেন ক্লাবৰ সাধাৰণ সম্পাদকৰ সৈতে গোস্বামীৰ ভাইৰেল চেট স্ক্ৰীণশ্বট ওলাইছিল, য’ত কেইবাটাও বিতৰ্কিত বক্তব্য প্ৰকাশ পাইছিল।
সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তিৰ তালিকা আৰু জুবিনৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে বিতৰ্ক আৰু অধিক তীব্ৰতৰ হৈ পৰে। যদিও গোস্বামীয়ে নিৰ্দোষী বুলি দাবী কৰি সংবাদ মাধ্যমত উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰিছিল, তথাপিও তদন্তকাৰী সংস্থাসমূহে এতিয়া তেওঁৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ পৰিছে। সূত্ৰসমূহে ইংগিত দিছে যে বৃহস্পতিবাৰৰ অভিযানৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা অতিশয় বেছি।
ইফালে, কাৰ্বি পথৰ গীতনগৰত থকা শ্যামকানু মহন্তৰ বাসগৃহতো এছ আই টিয়ে অভিযান চলায়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
