গুৱাহাটী,২১ ছেপ্তেম্বৰ (হি.স.)। ছিংগাপুৰত অনুষ্ঠিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ দায়িত্বত থকা শ্য়ামকানু মহন্তক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হব পাৰে বুলি অসম চৰকাৰৰ গৃহ বিভাগে সংবাদ মাধ্যমক অবগত কৰিছে।ইতিমধ্যে গৃহ বিভাগে শ্য়ামকানু মহন্তক গ্ৰেপ্তাৰ কৰিবলৈ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।
অসমৰ যুৱ প্ৰজম্মৰ হাৰ্ট থ্ৰৱ জুৱিন গাৰ্গৰ অৱাঞ্চিত মৃত্য়ুৰ বাবে অসমবাসী ৰাইজে শ্য়ামকানু মহন্তক জগৰীয়া কৰি ৰাজ্য় খনৰ বিভিন্ন জিলা যেনে নগাও,মৰিগাও,যোৰহাটত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে একাংশ জুৱিন গাৰ্গৰ অনুৰাগী ।
শ্য়ামকানু মহন্তক বহিঃৰাজ্যত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।বৰ্তমান ছিংগাপুৰতে আছে শ্য়ামকানু মহন্ত।সামাজিক মাধ্যমত জুৱিন গাৰ্গৰ অৱাঞ্চিত মৃত্য়ুৰ বাবে শ্য়ামকানু মহন্তক জগৰীয়া কৰি তেওৰ বিৰুদ্ধে অসংখ্য ভতৰ্ষনামূলক পোষ্ট বিভিন্ন জনে প্ৰেৰণ কৰিছে।এই মূহুৰ্তত শ্য়ামকানু মহন্তৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছে।কোনো জুবিন অনুৰাগীৰ পৰা তেওৰ প্ৰতি ভাবুকি আহি পৰিব পাৰে বুলি একাংশ অসমৰ ৰাইজে আশংকা প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
