

গুৱাহাটী, ২১ ছেপ্টেম্বৰ (হি.স.) । প্ৰাণহীন হৈ স্বভূমি অভিমুখে আহি আছে অসমবাসীৰ হৃদস্পন্দন মৰমৰ শিল্পী জুবিন গাৰ্গ। অসমৰ জনতাক গীতৰ জৰিয়তে মোহাচ্ছন্ন কৰি ৰখা শিল্পী গৰাকীক শেষ বাৰৰ বাবে এপলক স্বচক্ষে প্ৰত্যক্ষ কৰিবলৈ নিশাৰ পৰাই লোকে লোকাৰণ্য হৈ পৰিছে ৰাজপথ।
উল্লেখ্য যে ছিংগাপুৰৰ পৰা মাজ নিশাৰ আহি পোৱাৰ পিছত নতুন দিল্লীৰ পৰা এয়াৰ ইণ্ডিয়াৰ এএক্স বি ১১৯৭ নম্বৰৰ বিমানেৰে পুৱতি নিশা অসমলৈ ৰাওনা হয় হাৰ্টথ্ৰব জুবিন গাৰ্গ। জুবিন গাৰ্গৰ নশ্বৰ দেহৰ সৈতে আহিছে বিদেশ ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা।
ইতিমধ্যে জুবিন গাৰ্গৰ বাবে বৰঝাৰ বিমান বন্দৰত অপেক্ষা কৰি আছে পত্নী গৰিমা শইকীয়া গাৰ্গে। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই বৰঝাৰ বিমান বন্দৰত গৰিমা শইকীয়া গাৰ্গৰ সৈতে চমজি ল’ব জুবিন গাৰ্গৰ নশ্বৰ দেহ ৷
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
