১৯৪৯ চনৰ আজিৰ দিনটোতে মণিপুৰ ভাৰতৰ লগত একত্ৰিত হয় যদিও ১৯৪৭ চনৰ পৰাই ভাৰতৰ সৈতে ইয়াৰ একত্ৰীকৰণৰ কাহিনী আৰম্ভ হয়।ইংৰাজে মণিপুৰ এৰি যোৱাৰ সময়ত মণিপুৰৰ প্ৰশাসন মহাৰাজ বোধচন্দ্ৰৰ হাতলৈ যায়। ১৯৪৯ চনৰ ২১ ছেপ্টেম্বৰত মণিপুৰে ভাৰতৰ সৈতে একত্ৰীকৰণ চুক্তি স্বাক্ষৰ কৰে। তাৰ পিছত ১৯৪৯ চনৰ ১৫ অক্টোবৰত মণিপুৰ ভাৰতৰ অংগ হৈ পৰে।
১৯৫০ চনৰ ২৬ জানুৱাৰীত যেতিয়া ভাৰতীয় সংবিধান কাৰ্যকৰী হ’ল, তেতিয়া ই ভাৰতীয় সংঘত মুখ্য আয়ুক্তৰ অধীনত পাৰ্ট চি ৰাজ্য হিচাপে যোগদান কৰে। পিছলৈ ৩০ জন নিৰ্বাচিত আৰু দুজন মনোনীত সদস্যৰে গঠিত এখন টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হয়। ইয়াৰ পিছত ১৯৬২ চনত কেন্দ্ৰীয় শাসিত অঞ্চল আইনৰ অধীনত ৩০ জন নিৰ্বাচিত আৰু তিনিজন মনোনীত সদস্যৰে গঠিত এখন বিধানসভা গঠন কৰা হয়।
তাৰ পিছত ১৯৬৯ চনৰ ১৯ ডিচেম্বৰত প্ৰশাসকৰ মৰ্যাদা মুখ্য আয়ুক্তৰ পৰা লেফটেনেণ্ট গৱৰ্ণৰলৈ উন্নীত কৰা হয়। অৱশেষত ১৯৭২ চনৰ ২১ জানুৱাৰীত মণিপুৰক পূৰ্ণ ৰাজ্যৰ অধিকাৰ প্ৰদান কৰি ৬০ জন নিৰ্বাচিত সদস্যৰে এখন বিধানসভা গঠন কৰা হয়। এইদৰে মণিপুৰ ভাৰতীয় ৰাজ্যত পৰিণত হ’ল।
অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা :
১৭৮৪ – আমেৰিকাৰ প্ৰথমখন দৈনিক কাকত (পেনচিলভেনিয়া পেকেট এণ্ড জেনেৰেল এডভাৰটাইজাৰ) প্ৰকাশ পায়।
১৮১৫ – ব্ৰাছেলছত প্ৰথম ৰজা উইলিয়ামে শপত গ্ৰহণ কৰে।
১৮৫৭ – দ্বিতীয় বাহাদুৰ শ্বাহ ব্ৰিটিছৰ ওচৰত আত্মসমৰ্পণ কৰে।
১৮৮৫ – নেদাৰলেণ্ডৰ মানুহে নিৰ্বাচনত ভোটাধিকাৰৰ বাবে বিক্ষোভ কৰে।
১৯০৫ – আটলান্টা লাইফ ইনশ্বুৰেন্স কোম্পানী গঠন কৰা হয়।
১৯২৮ – মাই উইকলি ৰিডাৰ আলোচনী উন্মোচন কৰা হয়।
১৯৩৮ – নিউ ইংলেণ্ডত এটা হাৰিকেনে (ঘণ্টাত ১৮৩ মাইল বেগত বতাহ বলিছিল) ৭০০ লোকৰ মৃত্যু ঘটায়।
১৯৪২ – ইউক্ৰেইনৰ ডুনায়েভট্ ছিত নাজীয়ে ২৫৮৮ জন ইহুদীক হত্যা কৰে।
১৯৪২ – বয়িং বি-২৯ ছুপাৰফ’ৰ্ট্ৰেছ বিমানে প্ৰথম উৰণ কৰে।
১৯৬৪ – মাল্টাই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।
১৯৬৬ – মিহিৰ সেনে বছফৰাছ চেনেল পাৰ হৈ সাঁতুৰিছিল।
১৯৯৯ – মধ্য টাইৱানত চি-চি ভূমিকম্পত ২৪০০ লোকৰ মৃত্যু হয়।
২০১৩ – নাইৰোবিৰ ৱেষ্টগেট শ্বপিং মলত সন্ত্ৰাসবাদী সংগঠন আল-ছাবাবৰ আক্ৰমণত ৬৭ জন লোকৰ মৃত্যু।
১৯৭৯ – মধ্য আফ্ৰিকান গণৰাজ্যৰ তথাকথিত সম্ৰাট বোকাছাক সামৰিক অভ্যুত্থানেৰে পদচ্যুত কৰা হয়।
১৯৮৪ – ব্ৰুনাই ৰাষ্ট্ৰসংঘত যোগদান কৰে।
১৯৯৮ – আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আৰু মনিকা লেউইনস্কিৰ প্ৰেমৰ সম্পৰ্ক সম্পৰ্কীয় এটা ভিডিঅ’টেপ মুকলি কৰা হয়।
১৯৯১ – আৰ্মেনিয়াই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰে।
২০০০ – ভাৰত আৰু ব্ৰিটেইনৰ মাজত উন্নত সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে লিবাৰেল ডেম’ক্ৰেটিক ফ্ৰেণ্ডছ অৱ ইণ্ডিয়া ছ’চাইটি প্ৰতিষ্ঠা কৰা হয়।
২০০১ – আফগানিস্তানৰ শাসকীয় তালিবান শাসন আৰু উত্তৰ মিত্ৰজোঁটৰ মাজত যুদ্ধ আৰম্ভ হয়।
২০০৩ – পাকিস্তানৰ বিৰোধীয়েও সাংবিধানিক সংশোধনীৰ নতুন খচৰা নাকচ কৰে।
২০০৪ – আমেৰিকাই লিবিয়াৰ ওপৰত আৰ্থিক নিষেধাজ্ঞা উঠাই লয়।
২০০৫ – জুনিচিৰো কইজুমি পুনৰ জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।
২০০৭ – তাঞ্জানিয়াৰ বিজ্ঞানীসকলে এটা বিৰল প্ৰজাতিৰ মাছ আৱিষ্কাৰ কৰা বুলি দাবী কৰে।
২০০৮ – কৃষ্ণ গোদাবৰী অৱবাহিকাত ৰিলায়েন্সে তেল উৎপাদন আৰম্ভ কৰে।
জন্ম :
১৮৯৫ – অন্নপূৰ্ণানন্দ – আগশাৰীৰ হিন্দী হাস্যৰসকাৰ।
১৮৯৫ – আজিৰ দিনটোতে আজৰা – হিন্দী চিনেমাৰ সুপৰিচিত অভিনেত্ৰী।
১৯০৫ – উচংৰাই নৱলশংকৰ ধেবৰ – ১৯৪৮ চনৰ পৰা ১৯৫৪ চনলৈ সৌৰাষ্ট্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় স্বাধীনতা কৰ্মী।
১৯১৪ – ভোলা পাছৱান শাস্ত্ৰী – ভাৰতীয় ৰাজনীতিবিদ আৰু বিহাৰৰ অষ্টম মুখ্যমন্ত্ৰী। তেওঁ তিনিবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
১৯২৬ – নূৰ জেহান – ভাৰতীয় আৰু পাকিস্তানী চিনেমাত কাম কৰা বিখ্যাত অভিনেত্ৰী আৰু গায়িকা।
১৯২৯ – জিতেন্দ্ৰ অভিষেকী – ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ পণ্ডিত।
১৯৩৯ – স্বামী অগ্নিবেশ – ভাৰতীয় সমাজ কৰ্মী, সংস্কাৰক, ৰাজনীতিবিদ, আৰু আৰ্য সমাজবাদী।
১৯৫৪ – শ্বিনজো আবে – জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
১৯৬৮ – মহেন্দ্ৰ মুঞ্জাপাৰা – ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনীতিবিদ।
১৯৭৭ – কৰীনা কাপুৰ – বলীউডৰ অভিনেত্ৰী।
১৯৯১ – দীপিকা পল্লিকল – ভাৰতীয় মহিলা স্কোয়াছ খেলুৱৈ।
মৃত্যু :
১৭৪৩ – আজিৰ দিনটোতে সাৱাই জয় সিং – আমেৰৰ সাহসী আৰু কূটনৈতিক ৰজা।
১৯৮৫ – অমৰনাথ বিদ্যলংকৰ – ভাৰতীয় স্বাধীনতা কৰ্মী, সাংবাদিক, সমাজ কৰ্মী, আৰু সংসদ সদস্য।
২০২১ – ৰামানুজ প্ৰসাদ সিং – অল ইণ্ডিয়া ৰেডিঅ’ৰ এজন বিখ্যাত নিউজ এংকৰ আছিল।
২০২২ – আজিৰ দিনটোতে ৰাজু শ্ৰীবাস্তৱ ভাৰতৰ এগৰাকী বিখ্যাত কমেডিয়ান আৰু অভিনেতা আছিল।
গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু উদযাপন:
আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস
বিশ্ব এলঝেইমাৰ দিৱস
বিশ্ব কৃতজ্ঞতা দিৱস
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
