গুৱাহাটী, ১৯ ছেপ্টেম্বৰ (হি.স.)। অসমৰ লাখ লাখ লোকৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। সকলোকে কন্দুৱাই অকালতে হেৰাই গ’ল এটা নক্ষত্ৰ। খবৰটোক কোনোৱে যেন বিশ্বাস কৰিব পৰা নাই। কিন্তু জুবিনৰ চিকিৎসকে এই খবৰটোৰ সত্যতা প্ৰকাশ কৰাৰ পিছতে শোকত ভাঙি পৰিছে সমগ্ৰ অসম।
নিজৰ মোবাইলটোত এই খবৰটো অহাৰ পিছতো কোনেও হঠাতে যেন খবৰটো আনক দিব পৰা নাই, কেৱল নেদেখাজনক খাতিছে খবৰটো যেন মিছা হওক। কিন্তু খবৰটো সঁচা, সঁচাকৈ প্ৰত্যেকজন অসমীয়াৰ, অসমবাসীৰ সংগীতপ্ৰেমীৰ অন্তৰত ঘৰ বন্ধা সংগীত নক্ষত্ৰটো যেন আজি হঠাতে মহাকাশত হেৰাই গ’ল। জানিব পৰা অনুসৰি ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল’বলৈ গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গ। ইয়াৰ মাজতে তেওঁ ছিংগাপুৰত পেৰা স্কোবা ডাইভিং কৰিবলৈ গৈছিল। স্কোবা ডাইভিঙৰ সময়তে সাগৰপৃষ্ঠত পৰে তেওঁ। ফলত অচেতন হৈ পৰে আৰু তেঁওক লগে লগে স্থানীয় হস্পাতালত ভৰ্তি কৰোৱা হয় আৰু লগে লগে আই চি ইউত ভৰ্তি কৰা হয় যদিও চিকিৎসকৰ অশেষ প্ৰচেষ্টাৰ পিছতো তেওঁৰ প্ৰাণ ৰক্ষা কৰিব পৰা নগ’ল আৰু লাখ লাখ অনুৰাগীক শোক সাগৰত ডুবাই অসমবাসীক কন্দুৱাই ইঁহ সংসাৰৰ পৰা বিদায় মাগে জুবিন গাৰ্গে। মৃত্যুৰ সময়ত শিল্পী গৰাকীৰ বয়স ৫২ বছৰ আছিল।
একেধাৰে প্ৰসিদ্ধ কন্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা জুবিন গাৰ্গৰ জন্ম হৈছিল ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত। জুবিন গাৰ্গে অসমীয়া, হিন্দী, বঙালী, বড়ো, কোচ ৰাজবংশী, গোৱালপৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই আহোম, নেপালী, ভোজপুৰী, বিষ্ণুপ্ৰিয়া মণিপুৰী ককবৰক, ওড়িয়া, তামিল, তেলুগু, কন্নড়, ইংৰাজী, আদি, গালো, মালয়ালম, মাৰাঠী ইত্যাদি বিভিন্ন ভাষাত তেওঁ কন্ঠদান কৰিছে।
১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পায়। ইয়াৰ লগে লগেই জুবিন পেছাদাৰী সংগীত জগতখনত জড়িত হৈ পৰে। জুবিনে ঢোল, দোতাৰা, মেণ্ডলিনৰ দৰে বাদ্যযন্ত্ৰ বজোৱাৰ উপৰিও এজন কৃতী কীবৰ্ড প্লেয়াৰ। বঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দীৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৭ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (জি আই এফ এ) আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি ইকোচ অৱ চাইলেন্স (ইংৰাজী-খাচী) ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাব ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়।
অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৱে চলচ্চিত্ৰ জগতৰ লগতে তেওঁৰ অনুৰাগীসকলৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে। সাংস্কৃতিক জগতখনে গভীৰ শোক প্ৰকাশ কৰিছে, আৰু অনুৰাগীয়ে তেওঁক ছ’চিয়েল মিডিয়াত অহৰহ শ্ৰদ্ধাঞ্জলি জনাইছে। জুবিন গাৰ্গৰ অকাল মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বৃহৎ ক্ষতি। জুবিন গাৰ্গে অসমৰ সাংস্কৃতিক জগতখনত এক মচিব নোৱাৰা চাপ এৰি গৈছে। তেওঁৰ গীত, তেওঁৰ বুদ্ধিমত্তা আৰু তেওঁৰ স্পষ্টবাদী শৈলী সদায় দৰ্শকৰ স্মৃতিত জীয়াই থাকিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী
