মস্কো, ১৯ ছেপ্টেম্বৰ (হি.স.)। ৰাছিয়াৰ কামচাটকাৰ পূব উপকূলত বৃহস্পতিবাৰে গভীৰ নিশা ভূমিকম্পৰ কম্পন অনুভূত হয়। ৰিখটাৰ স্কেলত ইয়াৰ পৰিমাণ ৭.৪ জুখিছিল। অঞ্চলটোৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
মস্কোৰ স্থানীয় জিঅ’ফিজিকেল ইনষ্টিটিউটে কামচাটকা উপদ্বীপৰ পূব উপকূলত ৭.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ তথ্য প্ৰকাশ কৰিছে। ইফালে, ৰাছিয়ান একাডেমী অৱ ছায়েন্সৰ জিঅ’ফিজিকেল চাৰ্ভেৰ কামচাটকা শাখাৰ তথ্য অনুসৰি বৃহস্পতিবাৰে ভাৰতীয় মানক সময় অনুসৰি পুৱা ১২:২৮ বজাত (স্থানীয় সময় অনুসৰি ৬:৫৮ বজাত) ভূমিকম্পটো সংঘটিত হয়। আঞ্চলিক ৰাজধানী পেট্ৰ’পাভ্ল’ভস্ক-কামচাটস্কিৰ পৰা প্ৰায় ১৪৯ কিলোমিটাৰ দূৰত্বত ৩৯ কিলোমিটাৰ গভীৰতাত ইয়াৰ কেন্দ্ৰবিন্দু আছিল।
স্থানীয় ভূ-ভৌতিক সেৱাৰ তথ্য অনুসৰি ভূমিকম্পৰ পিছত অঞ্চলটোত প্ৰায় দহটা আফটাৰশ্বক অনুভৱ কৰা হৈছিল, যাৰ প্ৰাবল্য ৰিখটাৰ স্কেলত প্ৰায় ৫।
কামচাটকাৰ গৱৰ্ণৰ ভ্লাদিমিৰ ছ’লোডভে টেলিগ্ৰাম পোষ্টত কয় যে উপদ্বীপটোৰ পূব উপকূলৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু বাসিন্দাসকলক এই বিষয়ে অৱগত কৰা হৈছে। সকলো জৰুৰীকালীন সেৱা হাই এলাৰ্টত ৰখা হৈছে। ভূমিকম্পৰ পিছতে কৰ্তৃপক্ষই তৎক্ষণাত সামাজিক সুবিধা আৰু আৱাসগৃহৰ পৰিদৰ্শন আৰম্ভ কৰিছে।
ছ’লোডভে কয় যে উপকূলীয় অঞ্চলটোৰ কিছুমান ঠাইত ১.৫ মিটাৰ পৰ্যন্ত উচ্চতা ঢৌৰ সম্ভাৱনা আছে, আনহাতে অধিক ঘন জনবসতিপূৰ্ণ পেট্ৰ’পাভলভস্ক অঞ্চলৰ বতৰ বিজ্ঞানৰ বিষয়াসকলে ঢৌ ০.১ মিটাৰতকৈ কম উচ্চতা হোৱাৰ আশা কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
