বেইজিং, ১৯ ছেপ্টেম্বৰ (হি.স.)। চীনে পুনৰ কয় যে টাইৱান চীনৰ অবিচ্ছেদ্য অংগ আৰু এই ক্ষেত্ৰত যিকোনো হস্তক্ষেপ বিফল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। বৃহস্পতিবাৰে ইয়াত অনুষ্ঠিত দ্বাদশ বেইজিং ছিয়াংছান মঞ্চৰ মুকলি অনুষ্ঠানত চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী এডমিৰেল ডং জুনে এই কথা কয়। তেওঁ কয় যে টাইৱান চীনৰ অংশ হোৱাটো ঐতিহাসিক আৰু আইনী সত্য আৰু চীনৰ পিপলছ লিবাৰেশ্যন আৰ্মী (পিএলএ) বাহ্যিক যিকোনো হস্তক্ষেপক বলপূৰ্বকভাৱে বিফল কৰিবলৈ সদায় সাজু।
দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ উল্লেখ কৰি ডঙে টাইৱানৰ সন্দৰ্ভত কয় যে, “২০২৫ চনত টাইৱানৰ আৰোগ্যৰ ৮০ বছৰ সম্পূৰ্ণ হ’ল, আৰু টাইৱানৰ চীনলৈ ঘূৰি অহাটো দ্বিতীয় বিশ্বযুদ্ধত চীনৰ জয় আৰু যুদ্ধৰ পিছৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থাৰ পৰিণতিৰ এক গুৰুত্বপূৰ্ণ অংশ।”
ডঙে কয় যে পিএলএ সদায় জাতীয় ঐক্য ৰক্ষা কৰা এক অজেয় শক্তি হৈ আহিছে। তেওঁ জোৰ দি কয়, টাইৱানৰ স্বাধীনতাৰ বাবে আমি কেতিয়াও কোনো বিচ্ছিন্নতাবাদী পৰিকল্পনা সফল হ’বলৈ নিদিওঁ। এই বিষয়ত কোনো ধৰণৰ বাহ্যিক হস্তক্ষেপ বলপূৰ্বকভাৱে বিফল কৰিবলৈ আমি সদায় সাজু।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
