
গোলাঘাট, ১৯ ছেপ্টেম্বৰ (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱৰ মিছামৰা চাহ বাগিছাৰ মাটি সন্দেহজনক লোকে দখল কৰাৰ অভিযোগ উত্থাপিত হৈছে। আইনুদ্দিন হক নামৰ অচিনাক্ত এজন লোকে বাগিছাৰ মাটিত ঘৰ সাজি মাটি দখল কৰাৰ অভিযোগ কৰে স্থানীয় লোকে।
বাগিচা কৰ্তৃপক্ষক কেইবামাহৰ পূৰ্বেই লোক জনক উচ্ছেদ কৰাৰ বাবে দাবী জনোৱাৰ পিছতো বাগিচা কৰ্তৃপক্ষই একো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। বৃহস্পতিবাৰে সন্ধিয়া চাহ বাগিচাৰ কাৰ্যালয়ত ৰাইজ উপস্থিত হৈ অনতিপলমে বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই বাগিচা কৰ্তৃপক্ষক।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
