মালে, ১৮ ছেপ্টেম্বৰ (হি.স.): ভাৰতে মালদ্বীপক প্ৰদান কৰা ৫ কোটি ডলাৰৰ হ্ৰস্বম্যাদী ঋণৰ পৰিশোধৰ সময়সীমা এবছৰ বৃদ্ধি কৰিছে ।
এই তথ্য আজি ভাৰতীয় উচ্চায়ুক্তই মালেত প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰদান কৰা হৈছে। প্ৰকাশিত তথ্য অনুসৰি মালদ্বীপ চৰকাৰৰ অনুৰোধত ভাৰতীয় ষ্টেট বেংকে (এছ বি আই) প্ৰদান কৰা ৫ কোটি ডলাৰৰ হ্ৰস্বম্যাদী ঋণ আৰু এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে । ভাৰতে মালদ্বীপলৈ জৰুৰী আৰ্থিক সাহায্য হিচাপে এই পদক্ষেপ গ্ৰহণ কৰিছে। বিবৃতিটোত উল্লেখ কৰা হৈছে যে ভাৰত চৰকাৰৰ এই পদক্ষেপে মালদ্বীপক সহায়ৰ বাবে ভাৰতৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
উল্লেখযোগ্য যে ২০১৯ চনৰ মাৰ্চ মাহৰ পৰা ভাৰতে এছ বি আইৰ জৰিয়তে এনে কেইবাটাও হ্ৰস্বম্যাদী সুতমুক্ত ঋণৰ সুবিধা প্ৰদান কৰিছে। ইয়াৰ ফলত মালদ্বীপৰ ওপৰত বিত্তীয় চাপ লাঘৱ হৈছে। মালদ্বীপক “মূল সামুদ্ৰিক প্ৰতিবেশী আৰু মূল্যৱান অংশীদাৰ” বুলি অভিহিত কৰি ভাৰতে এই সিদ্ধান্তক নিজৰ “চুবুৰী প্ৰথম” নীতি আৰু ইয়াৰ ব্যাপক সামুদ্ৰিক কৌশল, “মহাসাগৰ” ধাৰণা (অঞ্চলটোৰ নিৰাপত্তা আৰু উন্নয়নৰ বাবে পাৰস্পৰিক আৰু অন্তৰ্ভুক্ত অগ্ৰগতি)ৰ সৈতে সামঞ্জস্যপূৰ্ণ বুলি অভিহিত কৰিছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
