–ৰাহুল গান্ধীৰ সকলো অভিযোগ ভিত্তিহীন: নিৰ্বাচন আয়োগ
নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ (হি.স.)। আজি এক সংবাদমেলত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগক মিছা আৰু ভিত্তিহীন বুলি অভিহিত কৰিছে নিৰ্বাচন আয়োগে।
আয়োগে স্পষ্ট কৰি দিয়ে যে বিশেষকৈ অনলাইনত শুনানি অবিহনে কোনো লোকৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাব নোৱাৰিব। ২০২৩ চনত এনে প্ৰচেষ্টা চলোৱা হৈছিল, যাৰ বাবে আয়োগে নিজেই এফআইআৰ দাখিল কৰিছিল।
ৰাহুল গান্ধীয়ে আজি কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত অভিযোগ কৰে যে কৰ্ণাটকৰ এটা বিধানসভা সমষ্টিৰ পৰা ৬ হাজাৰৰো অধিক লোকৰ ভোট বাদ দিয়া হৈছে। নিৰ্বাচন আয়োগে ৰাহুল গান্ধীৰ অভিযোগ মিছা আৰু ভিত্তিহীন বুলি উল্লেখ কৰে। কোনো সাধাৰণ নাগৰিকে অনলাইনত কাৰো ভোট ডিলিট কৰিব নোৱাৰে। তদুপৰি ক্ষতিগ্ৰস্ত ব্যক্তিজনক শুনানিৰ সুযোগ নিদিয়াকৈ ভোট মচি পেলাব নোৱাৰিব।
সংবাদমেলত ৰাহুল গান্ধীয়ে দিয়া উদাহৰণৰ কথা উল্লেখ কৰি আয়োগে উল্লেখ কৰে যে ২০২৩ চনত আলণ্ড বিধান সভা সমষ্টিত ভোটাৰৰ নাম বাদ দিয়াৰ কিছু বিফল চেষ্টা কৰা হৈছিল, আৰু নিৰ্বাচন আয়োগে নিজেই বিষয়টোৰ তদন্তৰ বাবে এফআইআৰ দাখিল কৰিছিল।
আয়োগে উল্লেখ কৰে যে ২০২৩ চনত কংগ্ৰেছ নেতা বি আৰ পাটিলে (কংগ্ৰেছ) আলণ্ড বিধানসভা সমষ্টিত জয়ী হৈছিল। ইয়াৰ পূৰ্বে ২০১৮ চনত বিজেপিৰ সুভাধ গুট্টেদাৰে জয়লাভ কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
