চিৰাং, ১৮ ছেপ্তেম্বৰ (হি.স.)। চিৰাঙৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ হৈ হাশ্ৰাউবাৰী ৰাজহুৱা পথাৰত আয়োজিত নিৰ্বাচনী সভাত কালি বিয়লি হাগ্ৰামা মহিলাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায়। হেলিকপ্টাৰেৰে আহি উপস্থিত হোৱা হাগ্ৰামা মহিলাৰীৰ সভাত প্ৰখৰ ৰদৰ মাজতে কেইবা হেজাৰ লোকে অংশগ্ৰহণ কৰে। সভাত বিপিএফৰ কোচ ৰাজবংশী কোষৰ উপদেষ্টা অভিৰাম ৰাজবংশীয়ে ভাষন প্ৰসংগত কয় এই সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মক ভোট নিদিবলৈ আহ্বান জনায়।
সভাত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে নিজৰ ভাষণত কয় আপোনালোকে সকলোৱে ভোট দিব বাবেই আহিছে গতিকে আৰু বিশেষ নকও। অহা ৩ অক্টোবৰত শপত গ্ৰহণ আৰু সেই বিষয়ে কয়। বিপিএফে চৰকাৰ কৰাৰ পিছত কি কি কৰিব সেয়াও কয়। দৈজিং মহোৎসৱ আকৌ আৰম্ভ কৰিব বুলি কয়। চন্দন ব্ৰহ্মৰ টকা লওক কিন্তু তাক ভোট নিদিব বুলি কয় মহিলাৰীয়ে। চন্দন ব্ৰহ্মক ইউপিপিএলৰ লোকেই ভোট নিদিয়ে। ইউপিপিএলৰ লোকক কৰা অত্যাচাৰৰ কথা পাহৰা নাই বুলি কয়। চন্দন ব্ৰহ্ম আৰু খাম্পা বৰগয়াৰীক মান সন্মান থাকোতে আত্মসমৰ্পণ কৰিবলৈ কয়। ১০-১৫ হেজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰিব বুলি কয় মহিলাৰীয়ে। মোৰ শপত গ্ৰহণত প্ৰমোদ বড়োক নামাতো। অকলে নিৰ্বাচন খেলিছো অকলে চৰকাৰ কৰিম বুলি কয় মহিলাৰীয়ে। নিৰ্বাচনৰ পিছত ফেৰেঙ্গাগ ধেমাজিত যাব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
