
গুৱাহাটী, ১৮ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এটাৰ পিছত আন এটা চাঞ্চল্যকৰ ঘটনা। এতিয়া যেন মুঠেই সুৰক্ষিত নহয় আপোন গুৱাহাটী মহানগৰীখন। এনে এক পৰিস্থিতিত গুৱাহাটীত ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ল ত্ৰিপুৰাৰ এগৰাকী যুৱতী। মহানগৰীৰ পানীখাইতিত দলবদ্ধ অপৰ্কম বলি হ’ল বহিঃৰাজ্যৰ যুৱতীগৰাকী।
প্ৰাপ্ত তথ্যমতে, পানীখাইতিৰ এটি ব্যক্তিগত অট্টালিকাৰ ৭ নম্বৰ মহলাত যুৱতীগৰাকীৰ সৈতে সংঘটিত হয় এই ভয়ংকৰ কাণ্ড। ইতিমধ্যে ব্যক্তিগত বিশ্ববিদ্যালয়ত অধ্যয়নৰত মণিপুৰৰ দুজন কিশোৰক প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লগতে BNSৰ U/S -70(1)/3(5) ধাৰাৰ অধীনত প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাত 125/25 নম্বৰত এটি গোচৰ ৰুজু হৈছে।
ভুক্তভোগী যুৱতী যুৱতীগৰাকীৰ এজাহৰৰ পৰা জানিব পৰা মতে ১৩ ছেপ্টেম্বৰৰ নিশা পানীখাইতিৰ এই অট্টালিকাটোত কেইজনমান কিশোৰৰ সৈতে যুৱতীগৰাকীয়ে কৰিছিল নৈশপাৰ্টী। নৈশপাৰ্টীৰ পিছত যুৱতীগৰাকীয়ে নৈশপাৰ্টী কৰাৰ ঠাইৰ লগতে থকা নিজৰ কোঠাত শুবলৈ গৈছিল। কিছুসময় পিছতে সুৰা ৰাগিত মাতাল হৈ থকা এজন কিশোৰে যুৱতীগৰাকীৰ কোঠালৈ সোমাই যায়। আৰু সুৰা ৰাগিত থকা কিশোৰীগৰাকীৰ সৈতে সংঘটিত কৰে ভয়ংকৰ কাণ্ড। যুৱতীগৰাকী কোঠাৰ পৰাই ওলাই যাবলৈ চেষ্টা কৰে যদিও বাকী ৪ কিশোৰী যুৱতীগৰাকী ওলাই যোৱাত বাধা প্ৰদান কৰে।
যুৱতীগৰাকীৰ এজাহৰৰ ভিত্তিত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে সেইদিনা নিশা পাৰ্টী কৰা অন্য তিনিজনক সোধাপোছা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
