
গোলাঘাট, ১৮ ছেপ্টেম্বৰ (হি.স.)। গোলাঘাটৰ খুমটাইত সাম্প্ৰতিক বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে ৷ ধনশিৰি নদীৰ বানে বুৰাইছে ন ন অঞ্চল ৷ খুমটাই সমষ্টিৰ প্ৰায় ৩০ খনৰো অধিক গাঁৱত বানৰ তাণ্ডৱ চলিব ধৰিছে ৷
ঐতিহাসিক ধোদৰ আলিৰ পৰা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মূল পথৰ ওপৰেৰে বাগৰিছে পানী। সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে পথচোৱা। ঘৰৰ ভিতৰত এবুকু পৰ্যন্ত পানী হোৱাত বানাক্ৰান্তই আশ্ৰয় লৈছে শিবিৰত ৷ কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে একেলগে আশ্ৰয় শিবিৰতে দিন কটাইছে ৷ খুমটাইৰ কেইবাটাও আশ্ৰয় শিবিৰত প্ৰাক্তন মন্ত্ৰী বিষ্মিতা গগৈয়ে পৰিস্থিতি বুজ লোৱাৰ লগতে আগবঢ়াইছে এসাঁজ ভাত। বানাক্ৰান্তৰ দুৰ্দশাৰ মাজত সাহস হৈ থিয় হৈছে প্ৰাক্তন মন্ত্ৰী গৰাকী ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
