নতুন দিল্লী, ১৮ ছেপ্টেম্বৰ (হি.স.)। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে পঞ্জাৱৰ বানপানীৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখিছে। এই পত্ৰত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা প্ৰাৰম্ভিক সাহায্যৰ পৰিমাণ ১৬০০ কোটি ₹ ক্ষয়-ক্ষতিৰ তুলনাত অপৰ্যাপ্ত বুলি অভিহিত কৰে।
ৰাহুল গান্ধীয়ে তেওঁৰ পত্ৰত লিখিছে যে বানত ৪ লাখ একৰ ধানৰ খেতি নষ্ট হোৱাৰ লগতে ১০ লাখৰো অধিক জীৱ-জন্তুৰ মৃত্যু হৈছে। বিশেষকৈ দুৰ্বল শ্ৰেণীৰ লাখ লাখ লোকক গৃহহীন হৈ পৰিছে। হাজাৰ হাজাৰ একৰ মাটি ডুব গৈছে, আৰু গাঁওবোৰ যোগাযোগৰ পৰা বিচ্ছিন্ন হৈ আছে।
ৰাহুল গান্ধীয়ে কয় যে ভ্ৰমণৰ সময়ত তেওঁ ৰাইজৰ দুখ-কষ্ট ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছিল। এই সংকটৰ সময়ত পঞ্জাৱৰ জনসাধাৰণে পাৰস্পৰিক সহযোগিতা আৰু মানৱতাবাদৰ নিদৰ্শন দাঙি ধৰিছে। মানুহে অচিনাকি মানুহৰ বাবে ঘৰ মুকলি কৰি নিজৰ সীমিত সম্পদেৰে সহায় কৰিছে।
কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে বানপানীৰ বাবে পঞ্জাৱত কমেও ২০ হাজাৰ কোটি টকাৰ লোকচান হৈছে আৰু এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে “সাহসী সঁহাৰি” অৰ্থাৎ অধিক সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰিব লাগে। তেওঁ চৰকাৰক তৎকালীনভাৱে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি এক বিস্তৃত সাহায্য পেকেজ প্ৰদান কৰিবলৈ দাবী জনায়।
ৰাহুল গান্ধীয়ে কয় যে পঞ্জাৱ পুনৰ উত্থান হ’ব, কিন্তু এই কঠিন সময়ত আমি প্ৰতিজন কৃষক, প্ৰতিজন সৈনিক আৰু প্ৰতিটো পৰিয়ালক আশ্বস্ত কৰিব লাগিব যে সমগ্ৰ ৰাষ্ট্ৰ তেওঁলোকৰ সৈতে থিয় দিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
