চেন্নাই, ১৭ ছেপ্টেম্বৰ (হি.স.)। দক্ষিণৰ ছুপাৰষ্টাৰ ৰজনীকান্ত আৰু কমল হাছানক হয়তো অতি সোনকালে এখন ছবিত একেলগে দেখা যাব। বুধবাৰে চেন্নাই বিমানবন্দৰত কোচি অভিমুখে ৰাওনা হোৱাৰ সময়তে এই কথা প্ৰকাশ কৰে ৰজনীকান্তে।
কইম্বাটুৰলৈ যাবলৈ আজি চেন্নাই বিমানবন্দৰত উপস্থিত হয় অভিনেতা ৰজনীকান্ত। তাত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে তেওঁ বৰ্তমান ৰাজকমল আৰু ৰেড জায়েণ্ট মুভিজৰ সৈতে এখন ছবিৰ কাম কৰি আছে। ছবিখনৰ পৰিচালক এতিয়াও চূড়ান্ত হোৱা নাই।
তেওঁ কয়, মই বিচাৰো যে চলচ্চিত্ৰ অভিনেতা কমল হাছান আৰু মই একেলগে এখন ছবি কৰোঁ। যদি আমি সঠিক কাহিনী আৰু ভূমিকা বিচাৰি পাওঁ তেন্তে আমি একেলগে কাম কৰিম। কিন্তু কাহিনী, চৰিত্ৰ বা পৰিচালক এতিয়াও কোনেও চূড়ান্ত কৰা নাই।
এই উপলক্ষে ৰজনীকান্তেও মহান সমাজ সংস্কাৰক ই.ভি. ৰামাসামী পেৰিয়াৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক জন্মদিনত শ্ৰদ্ধাৰে সোঁৱৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
