• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > কেলিফৰ্ণিয়াৰ বিধানসভাত দীপাৱলীক ৰাজহুৱা বন্ধ হিচাপে অনুমোদন জনোৱাৰ বিধেয়ক গৃহীত
International

কেলিফৰ্ণিয়াৰ বিধানসভাত দীপাৱলীক ৰাজহুৱা বন্ধ হিচাপে অনুমোদন জনোৱাৰ বিধেয়ক গৃহীত

CliQ INDIA
Last updated: September 17, 2025 8:40 pm
CliQ INDIA
Share
3 Min Read
SHARE

চেক্ৰেমেণ্টো (কেলিফৰ্ণিয়া), আমেৰিকা, ১৭ ছেপ্টেম্বৰ (হি.স.)। কেলিফৰ্ণিয়াৰ বিধানসভাই যোৱা সপ্তাহত দীপাৱলীক চৰকাৰী বন্ধ ঘোষণা কৰা বিধেয়ক ২৬৮ গৃহীত কৰে। এতিয়া ৰাজ্যপালৰ স্বাক্ষৰ হোৱাৰ পিছতেই ৰাজ্যৰ চৰকাৰী বন্ধৰ তালিকাত দীপাৱলী সংযোজন হ’ব। ইয়াৰ ফলত পেনচিলভেনিয়া আৰু কানেকটিকাটৰ পিছত দীপাৱলীক চৰকাৰী বন্ধ ঘোষণা কৰা কেলিফৰ্ণিয়া তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ’ব পাৰে ।

লছ এঞ্জেলছ টাইমছত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই বিধেয়কখনে কমিউনিটি কলেজ আৰু পাব্লিক স্কুলসমূহক দীপাৱলীত বন্ধ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিব। ৰাজ্যিক কৰ্মচাৰীক দেৱালীত ছুটী লোৱাৰ বিকল্প দিয়া হ’ব। প্ৰস্তাৱিত আইনখনৰ অধীনত কিছুমান কমিউনিটি কলেজ আৰু ৰাজহুৱা বিদ্যালয়ৰ কৰ্মচাৰীক দৰমহাযুক্ত ছুটী প্ৰদান কৰা হ’ব। বৰ্তমান কেলিফৰ্ণিয়াত মাৰ্টিন লুথাৰ কিং জুনিয়ৰ দিৱস, চেজাৰ চাভেজ দিৱস, শ্ৰমিক দিৱস, ভেটেৰান্স ডে’কে ধৰি ১১টা ৰাজ্যৰ বন্ধৰ দিন অনুমোদিত।

গৱৰ্ণৰ গেভিন নিউছমে ১২ অক্টোবৰৰ পূৰ্বে এই বিধেয়কখন আইনত পৰিণত কৰিবলৈ স্বাক্ষৰ কৰিব লাগিব। বিধেয়কখন উত্থাপন কৰা বিধানসভাৰ সদস্য এছ কালৰা (ডেম’ক্ৰেট-ছান জোছ)য়ে কয় যে, “দীপাৱলীক চৰকাৰী ৰাজ্যিক বন্ধ ঘোষণা কৰিলে এই উৎসৱৰ ধৰ্মীয় আৰু ঐতিহাসিক তাৎপৰ্য্যক স্বীকৃতি দিয়াই নহয়, ভাৰতীয় প্ৰবাসী আৰু আন দেশৰ লোকসকলকো বিশ্বৰ অন্যতম পুৰণি ধৰ্মীয় উৎসৱত অংশগ্ৰহণ কৰাৰ অধিক সুযোগ প্ৰদান কৰা হ’ব।”

স্মিথছ’নিয়ান নেশ্যনেল মিউজিয়াম অৱ এছিয়ান আৰ্টৰ তথ্য অনুসৰি দীপাৱলী পাঁচ দিন পালন কৰা হয়। ভাৰতত পৰম্পৰাগতভাৱে অক্টোবৰ বা নৱেম্বৰ মাহত এই উৎসৱ পালন কৰা হয়। বিদেশত বাস কৰা ভাৰতীয়সকলেও অতি উৎসাহেৰে দীপাৱলী উদযাপন কৰে।

হিন্দু আমেৰিকান ফাউণ্ডেশ্যন (এইচএএফ)ৰ মতে, লোকে ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰ, আৰু অন্যান্য ৰাজহুৱা স্থানত দিয়া জ্বলাই দেৱী লক্ষ্মীৰ আশীৰ্বাদ আহৰণ কৰে। পোহৰৰ উৎসৱত পৰিয়াল, বন্ধু-বান্ধৱী, আৰু অন্যান্য সমাজৰ লোকৰ সৈতে একত্ৰিত হৈ উপহাৰ বা মিঠাইৰ বিনিময়ও জড়িত হৈ থাকে। এইবাৰ ২০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব দীপাৱলী উদযাপন।

দেশৰ ভিতৰতে কেলিফৰ্ণিয়াত দক্ষিণ এছিয়াৰ জনসংখ্যা সৰ্বাধিক। যিকোনো মহানগৰীৰ ভিতৰত লছ এঞ্জেলছৰ জনসংখ্যা চতুৰ্থ স্থানত। ২০২৪ চনত দীপাৱলীক চৰকাৰী বন্ধ ঘোষণা কৰা আমেৰিকাৰ প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হয় পেনচিলভেনিয়া।এইবাৰ কানেকটিকাটে দীপাৱলীক চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰা দ্বিতীয়খন ৰাজ্য হিচাপে পৰিগণিত হয়। নিউ জাৰ্ছিৰ শিক্ষা বিভাগে দীপাৱলীত ছাত্ৰ-ছাত্ৰীক ছুটীৰ অনুমতি প্ৰদান কৰিছে। নিউয়ৰ্ক চহৰত দীপাৱলীৰ দিনা বন্ধ থাকে চৰকাৰী বিদ্যালয়। এই ব্যৱস্থা ২০২৩ চনত কাৰ্যকৰী কৰা হৈছে।

কেলিফৰ্ণিয়াত বসবাস কৰা ভাৰতীয়সকলে দীৰ্ঘদিন ধৰি দীপাৱলীত বন্ধৰ দাবী জনাই আহিছে। এই বিধেয়কখন গৃহীত হোৱাত ৰাইজ সুখী। এজন হিন্দু নেতাই এই ভাল খবৰটো শ্বেয়াৰ কৰি কয় যে দীপাৱলী অতি সোনকালে কেলিফৰ্ণিয়াত চৰকাৰী বন্ধৰ দিন হ’ব পাৰে। এতিয়া ৰাজ্যপালৰ অনুমোদনৰ বাবে অপেক্ষা কৰি আছে। আশাকৰোঁ, আমি অতি সোনকালে এই ভাল খবৰটো শুনিবলৈ পাম। হিন্দু আমেৰিকান ফাউণ্ডেশ্যন (এইচএএফ)ৰ দৰে এডভোকেচি গ্ৰুপ আৰু আমাৰ দৰে আন ধৰ্মীয় সংগঠনে বিগত কেইবছৰমানৰ পৰা এই কথাটো বাস্তৱত পৰিণত কৰিবলৈ কাম কৰি আহিছে। হিন্দু স্বয়ংসেৱক সংঘ (এইচএছএছ) আৰু ইয়াৰ শাখাসমূহৰ অংশ হৈ আমি আমাৰ সমাজৰ বাবে কৰিব পৰা আচৰিত কামবোৰ বুজি পোৱাৰ এক সুযোগ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

থাইলেণ্ড আৰু কম্বোডিয়ালৈ ট্ৰাম্পৰ কঠোৰ সতৰ্কবাণী, যদি যুদ্ধ বন্ধ নহয় তেন্তে কোনো বাণিজ্য নহ’ব
বিমান সংযোগ বৃদ্ধিৰ বাবে ভাৰতৰ পৰা অতিৰিক্ত বিমান পথৰ দাবী নেপালৰ
বাংলাদেশৰ সাংসদ আনোৱাৰুল আজিম অনাৰক গাৰুৰে মুখত হেঁচা মাৰি হত্যা
পাকিস্তানৰ তিনিটা স্থানত সন্ত্ৰাসবাদী আক্ৰমণ, চাৰিজন ফ্ৰন্টিয়াৰ কৰ্পছৰ জোৱান, দুটি শিশুকে ধৰি ৭ জনৰ প্ৰাণহানি | BulletsIn
পাকিস্তানৰ খাইবাৰ পখতুনখোৱাত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত টিটিপিৰ আক্ৰমণ; ভীষণ গুলিয়াগুলীত কমেও ৭ জন নিহত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ষ্টক মাৰ্কেটত আৰম্ভণিৰ ব্যৱসায়ত উত্থান, চেন্সেক্স আৰু নিফ্টী উৰ্ধগামী
Next Article প্ৰচণ্ড উৎসাহৰ মাজতে পুনৰ আৰম্ভ মাতা বৈষ্ণো দেৱীৰ তীৰ্থযাত্ৰা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?