গোৱালপাৰা, ১৩ ছেপ্টেম্বৰ (হি.স.)। এখন পকী দলঙৰ অভাৱত গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তৰ খাৰদাঙ অঞ্চলত হাহাকাৰ কৰিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে ৷ সম্প্ৰতি কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তৰ বৃহত্তৰ খাৰদাং আৰু মেন্দিপথাৰ ভেৰভেৰী অঞ্চল সংযোগী একমাত্ৰ যোগাযোগৰ মাধ্যম হৈছে বাঁহৰ দলং অথবা টুলুঙা নাওঁ ৷
গোৱালপাৰা জিলাৰ খাৰদাং – মেন্দিপথাৰ সংযোগী কৃষ্ণাই নৈৰ ওপৰত এখন পকী দলং নথকাৰ ফলত বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনাত ভূগী আহিছে সৰ্বসাধাৰণ ৰাইজে ৷
স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত অহা-যোৱা কৰা, ৰোগী, ব্যৱসায়-বাণিজ্য তথা দুধনৈ, দামৰা আদি অঞ্চলত যাবলগীয়া হ’লে বাহঁৰ দলং নাইবা টুলুঙা নাঁওৰে বিপদসংকুল ভাৱে কৃষ্ণাই নৈ পাৰ হৈ যাতায়ত কৰিব লগা হৈছে ৷
খৰালিত বৃহত্তৰ অঞ্চলৰ ৰাইজে বাহঁৰ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখে কিন্তু বাৰিষা হ’লে মেঘালয়ৰ পৰা নামি অহা ঢল পানীয়ে দলংখন উটুৱাই লৈ যায় ৷ পিছত স্থানীয় ৰাইজে টুলুঙা নাওঁৰে বিপদসংকুল ভাৱে যাতায়ত কৰিব লগা হয় ৷
উল্লেখ্য যে, চৰকাৰৰ উন্নয়নৰ প্ৰতি বাট নাচাই খাৰদাঙৰ অঞ্চলৰ ৰাইজে আজি খাৰদাং-মেন্দিপথাৰ ভেৰভেৰী সংযোগী পছযোৱা মেৰামতি কৰে ৷ সেয়েহে স্থানীয় ৰাইজে পুনৰবাৰ বৃহত্তৰ খাৰদাং, মেন্দিপথাৰ ভেৰভেৰী অঞ্চলৰ ৰাইজে কৃষ্ণাইৰ নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি যাতায়তৰ ব্যৱস্থা কৰি সুচল কৰি দিবলৈ চৰকাৰক আহ্বান জনাইছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
