দৰং, ১২ ছেপ্তেম্বৰ(হি.স.)। ছিপাঝাৰত সংঘটিত ঘটনাৰ চাঞ্চল্যকৰ তথ্য। এটা বাসগৃহত উদ্ধাৰ তিনিজনৰ মৃতদেহ। ছিপাঝাৰৰ নাৰিকল মন্দিৰৰ সন্মুখত থকা ঘৰটোত উদ্ধাৰ মণ্ডল দীপক নাথ সহ পত্নী-পুত্ৰৰ মৃতদেহ। আত্মীয়ই উদ্ধাৰ কৰিলে দীপক নাথৰ মোবাইল ফোন আৰু ডেগাৰ। অট্টালিকাৰ তৃতীয় মহলাৰ ছাদত উদ্ধাৰ হৈছে মোবাইল-ছেণ্ডেল-ডেগাৰ।
পোহৰলৈ আহিছে ছিপাঝাৰৰ লোমহৰ্ষক ঘটনাৰ চাঞ্চল্যকৰ তথ্য।পুত্ৰ ধৃতিৰাজ নাথ আৰু পত্নী প্ৰতিমা নাথক হত্য়া কৰি মণ্ডল দীপক নাথে নিজেও আত্মহত্য়া কৰা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই নতুন তথ্য।
আৰক্ষীৰ সন্দেহ পুত্ৰ-পত্নীক হত্যা কৰি দীপকে জাঁপ দিছিল অট্টালিকাৰ পৰা। নৃশংস হত্যাকাণ্ডত ব্যৱহৃত ডেগাৰখনত স্পষ্ট তেজৰ চেঁকুৰা।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ
