দৰং, ১২ ছেপ্টেম্বৰ (হি.স.): অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত আৰু দৰং জিলা সমাজ কল্যাণ বিভাগৰ সহযোগত কালি বিয়লি খাৰুপেটীয়াত নিচামুক্ত ভাৰত অভিযান কাৰ্যসূচী ৰূপায়ন কৰা হয় । এই উপলক্ষে বৃহস্পতিবাৰে খাৰুপেটীয়াত নিচামুক্ত ভাৰত অভিযানৰ অধীনত ছাত্ৰ ছাত্ৰীৰ বিশাল ৰেলী বাহিৰ কৰা হয়।লগতে দিনজোৰা কাৰ্যসূচীৰে খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত উঠি অহা যুৱ প্ৰজন্মক গ্ৰাস কৰা ড্ৰাগছ তথা মাদক দ্ৰব্যৰ ভয়াবহতাৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰি অতিথিসকলে বক্তব্য প্ৰদান কৰে।
সভাখনত দৰং জিলা সমাজ কল্যাণ বিষয়া কুশেশ্বৰ বৰা মংগলদৈৰ বিশিষ্ট ব্যক্তি অৰুণ বৰুৱা, খাৰুপেটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কিশোৰ শৰ্মা বৰুৱা প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীয়ে নিজৰ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত গুটখা, মদ, ভাং, চিগাৰেট , ড্ৰাগছ আদি নিচাজাতীয় দ্ৰব্য, মাদক দ্ৰব্য , ইত্যাদিৰ পৰা ল’বলগীয়া সাৱধানতামুলক বক্তব্য প্ৰদান কৰে । সভাখনৰ পূৰ্বে বিদ্যালয় প্ৰাংগনত সমাজ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰীয়ে নিচাযুক্ত দ্ৰব্য, মাদক দ্ৰব্যৰ ওপৰত শিক্ষামূলক বাটৰ নাট, ছাত্ৰ ছাত্ৰীৰ মাজত ভেশচন আদি প্ৰদৰ্শন কৰি উপস্থিত সকলোৰে মন মুগ্ধ কৰে।
উল্লেখ্য যে মুকলি সভাৰ আৰম্ভণিতে সুধা কণ্ঠ ভুপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে, সমাবেত জাতীয় সংগীত আৰু জিলা সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰী সাগৰিকাই এটি অসমীয়া গীত পৰিৱেশন কৰে
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
