মেক্সিকো চিটি (মেক্সিকো), ১১ ছেপ্টেম্বৰ (হি.স.)। মেক্সিকোৰ ৰাজধানী মেক্সিকো চহৰৰ ইজটাপ্লাছাত ঘাইপথৰ আণ্ডাৰপাছত বুধবাৰে গেছ টেংকাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। এই দুৰ্ঘটনাত কমেও তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ৭০জন লোক আহত হয়। এই কথা নিশ্চিত কৰিছে বিষয়াসকলে।
দ্য নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি চহৰখনৰ মেয়ৰ ক্লাৰা ব্ৰুগাডাই ছ’চিয়েল মিডিয়াত অগ্নিকাণ্ডত আহত হোৱা লোকৰ তালিকা প্ৰকাশ কৰে। ব্ৰুগাডাই সাংবাদিকৰ আগত জনাইছিল যে কমেও ১৯ জন লোকৰ অৱস্থা সংকটজনক। সেই স্থানত উপস্থিত হোৱা ব্ৰুগাডাই কয় যে, এয়া দুখৰ বিষয়। সংশ্লিষ্ট কাৰ্যালয়ে তদন্ত আৰম্ভ কৰিছে।
মেক্সিকো চহৰৰ গৃহমন্ত্ৰী পাবলো ভাস্কেজ কামাচোৰ মতে, টেংকাৰ চালকজনক চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁ এতিয়াও জীয়াই আছে যদিও তেওঁৰ অৱস্থা সংকটজনক। খবৰ অনুসৰি বিস্ফোৰণৰ পিছত যি অগ্নিকাণ্ড সংঘটিত হৈছিল সেই অগ্নিকাণ্ডই চাৰিওফালৰ বাহনসমূহ জুইৰ লেলিহান শিখাই আগুৰি ধৰে। ইয়াৰ ফলত ইজতাপালাপাত বিশৃংখলতাৰ সৃষ্টি হয়। ইজতাপালাপা এখন বৃহৎ শ্ৰমিক শ্ৰেণীৰ চহৰ। ৰাজধানীৰ আটাইতকৈ জনবহুল চহৰ, য’ত ১৮ লাখ লোক বাস কৰে।
প্ৰত্যক্ষদৰ্শীৰ মতে বহু লোকে শৰীৰত জ্বলা কাপোৰ লৈ বিষত ককবকাই ঘূৰি ফুৰিছিল। দুপৰীয়ালৈকে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিছিল যদিও গেছ টেংকাৰৰ পৰা লিক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল। ৰাজধানীৰ অগ্নিনিৰ্বাপক বাহিনীৰ মুখপাত্ৰ জুডিথ ৰড্ৰিগেজ ভাৰ্গাছৰ মতে, টেংকাৰখনত এতিয়াও প্ৰায় ২০ হাজাৰ লিটাৰ (প্ৰায় ৫,৩০০ গেলন) ইন্ধন আছে বুলি অনুমান কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
