

–স্পন্দিত হৃদয়ৰ প্ৰাপ্তি শীৰ্ষক গ্ৰন্থ উন্মোচন
–ভাষাৰ সংকট ,মূল্যবোধৰ অৱক্ষয় আৰু আস্হাহীনতা -বিশ্বাসহীনতাৰ সমাজে অশনি সংকেত কঢ়িয়াইছে –ড০ প্ৰাণজিৎ হাজৰিকা
–বহুমুখী প্ৰতিভাধৰ গংগোত্ৰীক জীয়াই ৰাখিছে তেওঁৰ দৰে প্ৰতিভাধৰ আন কাৰোবাক কৰা সহায়েৰে -ড০ জ্যোতিস্মান দাস
–গংগোত্ৰীৰ মৃত্যু শিল্পলৈ পৰ্যৱসিত হৈছে –ড০ শুকদেৱ অধিকাৰী
শোণিতপুৰ , ১০ ছেপ্টেম্বৰ (হি.স.)। তেজপুৰত আজি বিয়লি বিশিষ্ট ব্যক্তিৰ উপস্থিতিত দশম বছৰৰ বাবে মেধাৱী ছাত্ৰী অন্তৰীক্ষা অধিকাৰীক প্ৰদান কৰা হয় গংগোত্ৰী গোস্বামী সোৱৰণী মেধা বঁটা । তেজপুৰ বাসন্তীপুৰৰ গংগোত্ৰী গোস্বামী সোঁৱৰণী কক্ষত বিশিষ্ট শিক্ষাবিদ, অধ্যাপক তথা তেজপুৰৰ পৰা প্ৰকাশিত সাপ্তাহিক গণকন্ঠ কাকতৰ সম্পাদক ড০ প্ৰাণজিৎ হাজৰিকাই আন দুগৰাকী অতিথি তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ জ্যোতিস্মান দাস, ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শুকদেৱ অধিকাৰী আৰু গংগোত্ৰীৰ পিতৃ গকুল চন্দ্ৰ গোস্বামী, মাতৃ মমী ভাগৱতী গোস্বামীৰ জৰিয়তে চলিত বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা জিলাখনৰ চিৰাজুলী নিবাসী অন্তৰীক্ষা গোস্বামীক গংগোত্ৰী গোস্বামী সোঁৱৰণী বঁটাৰ হৈ স্মাৰক, গ্ৰন্থৰ টোপোলা, এযোৰ কাপোৰ আৰু নগদ ১০ হাজাৰ টকাৰে এই মেধা বঁটা প্ৰদান কৰে ।
উল্লেখ্য যে এক পথ দুৰ্ঘটনাত ২০১৫ চনৰ ১৬ ডিচেম্বৰত অকাল মৃত্যুক সাৱটি লোৱা তেজপুৰৰ বহুমুখী প্ৰতিভাধৰ ,মেধাৱী ছাত্ৰী গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত তেওঁৰ জন্মদিন ১০ ছেপ্টেম্বৰত এই বঁটা বিগত ৯ বছৰে প্ৰদান কৰি অহা হৈছে । প্ৰতিভাধৰ গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত গংগোত্ৰী গোস্বামী সোঁৱৰণী ন্যাসে আৰ্থিক ভাৱে অনগ্ৰসৰ একোগৰাকী ছাত্ৰীক নিৰ্বাচন কৰি এই বঁটা প্ৰদান কৰি অহাৰ পিছত আজি এক বেদনাগধুৰ পৰিৱেশত এই বঁটা প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ ,অধ্যাপক ড০ প্ৰাণজিৎ হাজৰিকাই বিদ্যায়তনিক উৎকৰ্ষতাৰ সমান্তৰাল ভাৱে আন সকলো ক্ষেত্ৰতে অতি কম বয়সতেই পাৰদৰ্শিতা প্ৰতিপন্ন কৰি অকালতে কায়িক ভাবে আঁতৰি যোৱা গংগোত্ৰীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পিতৃ -মাতৃয়ে গংগোত্ৰীক জীয়াই ৰাখিবলৈ যি মহৎ পদক্ষেপ গ্ৰহণ কৰিছে সি বৰ্তমান সমাজখনৰ বাবে পাথেয় হৈছে বুলি মন্তব্য ।
ভাষণ প্ৰসংগত ড০ হাজৰিকাই বৰ্তমান আস্হাহীনতা আৰু বিশ্বাসহীনতাৰ পয়োভৰ ঘটা সমাজখনে সকলোকে উদ্বিগ্ন কৰাৰ লগতে মানৱীয় প্ৰমূল্যবোধৰ চূড়ান্ত অৱক্ষয়ে সংশয়তা নমাই অনাৰ সময়ত এই বঁটাই মূল্যবোধৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে ।কলা -সাহিত্য -সংস্কৃতিৰ লগতে ভাষাৰ ক্ষেত্ৰলৈকো অশনি সংকেত কঢ়িয়াই অনাৰ প্ৰসংগ উল্লেখ কৰি বৰ্তমান প্ৰতি পষেকত পৃথিৱীত এটিকৈ ভাষাৰ মৃত্যু হোৱাৰ লগতে পৃথিৱীৰ ৬০০০ ভাষাৰ ভিতৰত ২৫০০ ভাষা অতিকৈ বিপদাপন্ন বুলি মন্তব্য কৰে ।আনহাতে ভাৰতৰ ১৬০০ টা ভাষাৰ ২৫০ টা ভাষা সংকটাপন্ন হোৱাৰ লগতে ইতিমধ্যে আমাৰ চুবুৰীয়া অৰুণাচল প্ৰদেশৰ উপৰি আন্দামান দ্বীপপুঞ্জৰ একোটিকৈ ভাষাৰ মৃত্যু ঘটিছে বুলি কয় ।
তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত গংগোত্ৰী গোস্বামীৰ বহুমূখী প্ৰতিভা আৰু জীৱন পৰিচিতি আলোকপাত কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ জ্যোতিস্মান দাসে এই বঁটাৰ জৰিয়তে গংগোত্ৰীৰ সামাজিক দায়বদ্ধতা, গংগোত্ৰীৰ ঈৰ্ষনীয় প্ৰতিভা আৰু মেধাৰ সন্দৰ্ভত নতুন প্ৰজন্ম অৱগত হৈ ভৱিষ্যতে এক দিকদৰ্শনকাৰী ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলি মন্তব্য কৰে । গংগোত্ৰী নতুন প্ৰজন্মৰ বাবে আদৰ্শ শিক্ষাৰ্থীৰ এক চানেকি হৈ থাকিব বুলি মন্তব্য কৰি মেট্ৰিকৰ পৰা ইঞ্জিনিয়াৰিং পৰ্যন্ত শৈক্ষিক ক্ষেত্ৰত ঈৰ্ষনীয় সফলতা অৰ্জন কৰাৰ সমান্তৰালকৈ অতি কম বয়সতেই নিজৰ সাংগঠনিক দক্ষতা আৰু সামাজিক দায়বদ্ধতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল বুলি কৈ এগৰাকী সুবক্তা আৰু তাৰ্কিক হিচাপে বিশেষ পৰিচিতি, এগৰাকী উদীয়মান লেখক -সম্পাদক হিচাপে, সংগীতশিল্পী, চিত্ৰশিল্পী হিচাপে যি দক্ষতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল সেই প্ৰসংগ উল্লেখ কৰে ।
আনহাতে গংগোত্ৰী গোস্বামীক আত্মীয় স্বজন, পিতৃ -মাতৃ আৰু ভগ্নীয়ে কেৱল হৃদয়তে জীয়াই ৰখা নাই, বিগত প্ৰায় দহ বছৰ ধৰি তেওঁৰ স্মৃতিত কৰি অহা মহত্বম আয়োজন সমূহে তেখেতক নতুন জীৱন দিছে বুলি কৈ তেওঁক জীয়াই ৰাখিছে তেওঁৰ দৰে প্ৰতিভাধৰ আন কাৰোবাক কৰা সহায়েৰে বুলি কয় । উল্লেখ্য যে বঁটা প্ৰাপক অন্তৰীক্ষা অধিকাৰীৰ আইতাক অশীতিপৰ কিৰণ অধিকাৰীৰ দ্বাৰা গংগোত্ৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মণিকা ভাগৱতীৰ দ্বীপ মন্ত্ৰ পাঠেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিত গংগোত্ৰীৰ মাতৃ তথা লেখিকা মমী ভাগৱতী গোস্বামীয়ে ভ্ৰমণ কাহিনীৰ আধাৰত ৰচনা কৰা স্পন্দিত হৃদয়ৰ প্ৰাপ্তি শীৰ্ষক গ্ৰন্থ এখন উন্মোচন কৰে ঢেকীয়াজুলিৰ লোকনায়ক অমিয় কুমাৰ দাস মহাবিদ্যালয়ৰ অধ্যক্ষ, লোক সংস্কৃতিৰ গৱেষক, নাট্যকাৰ ড০ শুকদেৱ অধিকাৰীয়ে ।
অধিকাৰীয়ে ভাষণ প্ৰসংগত ভাৰতীয় দৰ্শনত মৃত্যুৰ সংজ্ঞা কেৱল মুক্তি বুলি উল্লেখ কৰি যোৱা প্ৰসংগৰ লগতে কবি হীৰেন ভট্টাচাৰ্যই মৃত্যুক শিল্প হিচাপে অভিহিত কৰাৰ প্ৰসংগ উল্লেখ কৰি জন্মৰ পিছতেই মৃত্যু অৱধাৰিত বুলি মন্তব্য কৰে ।এনে অৱধাৰিত মৃত্যুৰ মাজতো মৃত্যুক শিল্পলৈ পৰ্যৱসিত কৰাৰ যি পন্থা গংগোত্ৰীৰ স্মৃতি ৰক্ষাৰ্থে কৰা হৈছে তাতেই চিৰকাললৈ গংগোত্ৰী মানুহৰ মাজত জীয়াই থাকিব বুলি কৈ ভাগৱতৰ পংক্তিৰে গংগোত্ৰীৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে ।
গংগোত্ৰীৰ পিতৃ গকুল চন্দ্ৰ গোস্বামী ,মাতৃ মমী ভাগৱতী গোস্বামী ,বিশিষ্ট শিক্ষাবিদ ৰমেশ চন্দ্ৰ কলিতা, প্ৰবীণ লেখক ভূৱন চন্দ্ৰ গগৈ, বিশিষ্ট সংগীতশিল্পী অনিল কুমাৰ ভট্টাচাৰ্য, প্ৰবীণ চিত্ৰ-ভাস্কৰ্য শিল্পী কুমুদ বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শোনিতপুৰ জিলা সমিতিৰ সভাপতি প্ৰভাকৰ বৰ্মন, তেজপুৰ সাহিত্য সভাৰ উপসভাপতি নবীন চন্দ্ৰ লহকৰ ,মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ সম্পাদক সত্যদেৱ শৰ্মা, কবি অলক শৰ্মা ,লেখক পৱন নাথৰ লগতে বিভিন্নজনে গংগোত্ৰীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা অনুষ্ঠানটিত জোনালী বৰুৱাই গীত পৰিবেশন কৰাৰ লগতে মামনি শৰ্মাই কবিতা আবৃত্তি কৰাৰ উপৰি ৰিণিকি কাশ্যপ আৰু তেজচ গড়ে যোগাসন প্ৰদৰ্শন কৰে ।
উল্লেখ্য যে উচ্চ শিক্ষাৰ বাবে বঁটা প্ৰাপক অন্তৰীক্ষা নতুন দিল্লীত থকাত আজিৰ এই অনুষ্ঠানত বঁটা গ্ৰহণ কৰে পিতৃ -মাতৃয়ে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
