ইছলামাবাদ, ১০ ছেপ্টেম্বৰ (হি.স.)। খৈবাৰ পখতুনখোৱাৰ বান্নুৰ জানি খেল এলেকাত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে নিষিদ্ধ টিটিপি গুল বাহাদুৰ গোটৰ মূল অধিনায়কক হত্যা কৰে। মঙলবাৰে এই কথা নিশ্চিত কৰিছে বিষয়াসকলে। ইফালে চৰকাৰী বিষয়াসকলে প্ৰকাশ কৰিছে যে খাইবাৰ পখতুনখোৱাত তেহৰিক-ই-তালিবান পাকিস্তানৰ ৮ হাজাৰৰো অধিক সন্ত্ৰাসবাদী উপস্থিত আছে।
প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, নিহত সন্ত্ৰাসবাদীজনৰ নাম আলিমুল হক, যাক জনীত কমাণ্ডাৰ মনছুৰ বুলিও জনা যায়। তেওঁ পোনপটীয়াকৈ সেনাৰ বিৰুদ্ধে আক্ৰমণৰ নেতৃত্ব দিছিল। শেহতীয়াকৈ তেওঁ টোচি চেকপোষ্টটো অৱৰোধ কৰিবলৈ চেষ্টা কৰিছিল। অভিযানৰ সময়ত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত তীব্ৰ বন্দুকৰ যুদ্ধ সংঘটিত হয়। কমাণ্ডাৰ মনছুৰ গুৰুতৰভাৱে আহত হয় আৰু থিতাতে মৃত্যু হয়।
দ্য নিউজ ইণ্টাৰনেশ্যনেল কাকতৰ তথ্য অনুসৰি খৈবাৰ পখতুনখোৱাত ৮ হাজাৰৰো অধিক টিটিপি সন্ত্ৰাসবাদী সক্ৰিয় হৈ থকাৰ কথা চৰকাৰী বিষয়াসকলে এক চিন্তনীয় প্ৰকাশ কৰিছে। চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তানৰ পৰা সীমান্ত পাৰ হৈ দেশত প্ৰৱেশ কৰা এই সন্ত্ৰাসবাদী পেছাৱৰ, টেংক, ডেৰা ইছমাইল খান, বান্নু, লক্কি মাৰৱাট, স্বাট, শ্বাংলা আদি জিলাত উপস্থিত আছে।
বিষয়াসকলে জনোৱা মতে, সন্ত্ৰাসবাদীয়ে চিপিইচি ৰোড, ডি খান-বান্নু ৰোড আৰু টেংকত আউটপোষ্ট স্থাপন কৰিছে। এই সন্ত্ৰাসবাদীয়ে সাধাৰণ মানুহৰ মাজত আশ্ৰয় লৈ নিৰাপত্তা বাহিনীক আক্ৰমণ কৰে। চুবুৰীয়া ৰাষ্ট্ৰ আফগানিস্তানৰ সীমান্তৱৰ্তী খৈবাৰ পাখতুনখোৱা প্ৰদেশ বেলুচিস্তানৰ লগতে সন্ত্ৰাসবাদী কাণ্ডৰ সন্মুখীন হোৱাৰ সময়তে এই চিন্তনীয় প্ৰকাশ।
বিষয়াসকলে জনোৱা মতে, মুখ্যমন্ত্ৰী আলী আমিন গণ্ডাপুৰৰ অধ্যক্ষতাত আয়োজন কৰা জিৰগাত আফগানিস্তানৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশক লৈ জনজাতীয় নেতাসকলে হতাশা প্ৰকাশ কৰিছে। আফগান চৰকাৰৰ সন্মুখত অনুপ্ৰৱেশৰ বিষয়টো মুখ্যমন্ত্ৰীক উত্থাপন কৰিবলৈ দাবী জনাইছে জনজাতীয় নেতাসকলে। এই বিষয়ত খৈবাৰ পাখতুনখোৱা চৰকাৰৰ মুখপাত্ৰ মহম্মদ আলী ছাইফে কয় যে সন্ত্ৰাসবাদীয়ে পথত ভিডিঅ’ বনাই তাৰ পিছত পলাই যায়।
हिन्दुस्थान समाचार / অৰৱিন্দ
