বাংগালুৰু, ১০ ছেপ্টেম্বৰ (হি.স.)। কৰ্ণাটকৰ বিদাৰ পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি ৰাজ্যৰ ৬৯টা স্থানত একেলগে অভিযান চলাইছে লোকায়ুক্তৰ বিষয়াসকলে।
বিশ্ববিদ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ ঘৰ আৰু কাৰ্যালয়ত এই অভিযান চলোৱা হয়। দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত বিদাৰ লোকায়ুক্ত কাৰ্যালয়ত এজাহাৰ দাখিল কৰা হয়। এই এজাহাৰ দাখিল কৰিছে বেংগালুৰুৰ ভেংকট ৰেড্ডী নামৰ এজন ব্যক্তিয়ে। ২০২১ চনত বিশ্ববিদ্যালয়খনত কৰ্মৰত বিষয়া-কৰ্মচাৰীৰ ঘৰ আৰু কাৰ্যালয়ত নথি-পত্ৰ পৰীক্ষা কৰা হৈছে।
বিদাৰ জিলাৰ ২৪টা, বেংগালুৰুৰ ৩১টা, কোপ্পালৰ ২টা, চিকমংগালুৰু জিলাৰ ২টা স্থানকে ধৰি ৰাজ্যৰ ৬৯টা স্থানত অনুসন্ধান চলোৱাৰ লগতে হাছান, ৰামনগৰ,কোলাৰ আৰু উডুপিতো অভিযান চলোৱা হৈছে।
২০২১ চনৰ ৪ অক্টোবৰত ৩৫ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি অভিযোগত উল্লেখ আছে। এই সন্দৰ্ভত লোকায়ুক্তই চলোৱা তদন্তত ২২ কোটি টকাৰ কেলেংকাৰি সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
লোকায়ুক্তৰ এডিজিপি মনীষ খাৰবিকাৰৰ তত্বাৱধানত চলোৱা অভিযানত নথি-পত্ৰৰ পৰীক্ষণ অব্যাহত আছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
