মনজা (ইটালী), ০৮ ছেপ্টেম্বৰ (হি.স.)। ডিফেণ্ডিং বিশ্ব চেম্পিয়ন মেক্স ভাৰ্ষ্টাপেনে দেওবাৰে ইটালীৰ গ্ৰেণ্ড প্ৰিত জয়লাভ কৰি ফৰ্মুলা-১ত মেকলেৰেনৰ আধিপত্য মন্থৰ কৰে। প’ল পজিচনৰ পৰা সুন্দৰ আৰম্ভণি কৰি ভাৰ্ষ্টাপেনে এক ঐতিহাসিক প্ৰদৰ্শন আগবঢ়াই দৌৰত জয়লাভ কৰে।
ৰেড বুলৰ ডাচ ড্ৰাইভাৰে লেণ্ডো ন’ৰিছ আৰু চেম্পিয়নশ্বিপৰ নেতা অস্কাৰ পিয়াষ্ট্ৰীক পৰাস্ত কৰি জয়লাভ কৰে। শনিবাৰে কোৱালিফাইংৰ সময়ত ভাৰ্ষ্টাপেনে এফ ১ৰ ইতিহাসৰ আটাইতকৈ দ্ৰুত লেপ টাইম লৈ প’ল অৰ্জন কৰিছিল।
অৱশ্যে পিয়াষ্ট্ৰিৰ পৰা ৯৪ পইণ্ট পিছ পৰি থকাৰ বাবে ভাৰ্ষ্টাপেনৰ বাবে একেৰাহে পঞ্চমবাৰৰ বাবে ড্ৰাইভাৰ্চ খিতাপ দখল কৰাটো কঠিন বুলি বিবেচিত হৈছে। তৃতীয় স্থান দখল কৰি পিয়াষ্ট্ৰীয়ে এতিয়াও সামগ্ৰিক পইণ্ট তালিকাত পিয়াষ্ট্ৰীতকৈ ৩১ পইণ্টেৰে আগবাঢ়ি আছে, আনহাতে ন’ৰিছে দ্বিতীয় স্থানত আছে।
মেকলেৰেনে এতিয়ালৈকে ছিজনটোত আধিপত্য বিস্তাৰ কৰিছে আৰু চাৰিটা গ্ৰেণ্ড প্ৰিৰ বাহিৰে বাকী সকলোতে জয়লাভ কৰিছে। ভাৰ্ষ্টাপেনৰ এই জয় চলিত ছিজনৰ মাত্ৰ তৃতীয়টো সফলতা। মে’ মাহত এমিলিয়া ৰোমানা গ্ৰেণ্ড প্ৰিক্সত জয়লাভ কৰাৰ পিছত ইটালীত তেওঁৰ এইটোৱেই দ্বিতীয়টো বৃহৎ জয়।
ফেৰাৰী অনুৰাগীৰ আশাক ম্লান কৰি চতুৰ্থ স্থান দখল কৰি চাৰ্লছ লেক্লেৰ্কে। পাঁচ স্থানৰ গ্ৰীড পেনাল্টিৰ বাবে তেওঁৰ সতীৰ্থ লুইছ হেমিল্টনে দশম স্থানৰ পৰা আৰম্ভণি কৰিবলগীয়া হৈছিল যদিও উৎকৃষ্ট ড্ৰাইভিঙৰ ভিত্তিত তেওঁ ষষ্ঠ স্থানত উপনীত হ’বলৈ সক্ষম হৈছিল। অৱশ্যে মাৰ্চিডিজৰ প্ৰাক্তন সতীৰ্থ জৰ্জ ৰাছেলক অতিক্ৰম কৰিব নোৱাৰিলে।
हिन्दुस्थान समाचार / অৰৱিন্দ
