
তিনিচুকীয়া, ০৮ ছেপ্টেম্বৰ (হি.স.): তিনিচুকীয়াৰ মাৰ্ঘেৰিটা আৰক্ষীয়ে লাভ কৰে বৃহৎ সাফল্য । নাৰী সৰবৰাহকাৰী চক্ৰৰ দুই সদস্য আটক কৰা হৈছে। এই চক্ৰৰ হাতত পৰা এগৰাকী কিশোৰীক বঙাইগাওঁ আৰু গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা উদ্বাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।
মাৰ্ঘেৰিটা আৰক্ষীৰ তৎপৰতাত উদ্বাৰ হ’ল ২ ছেপ্তেম্বৰৰ পৰা নিৰুদিষ্ট হৈ থকা এগৰাকী কিশোৰী । উল্লেখযোগ্য যে, মাৰ্ঘেৰিটাৰ শোভা দাস (১৬) আৰু আইচা খাতুন (১৩) নামৰ দুগৰাকী কিশোৰী যোৱা ২ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ হৈ পৰিছিল। লাজুমস্থিত নিজ নিজ গৃহৰ পৰা আবেলি ওলাই যোৱাৰ পাছৰে পৰা তেওঁলোকৰ কোনো খবৰ পোৱা নাযায়। এই সন্দৰ্ভত পৰিয়ালে মাৰ্ঘেৰিটা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি সহায় বিচাৰিলে। পিছত আৰক্ষীয়ে ৰে’ল আৰক্ষীৰ সহযোগত অভিযান চলাই বঙাইগাঁৱৰ পৰা শোভা দাসক উদ্ধাৰ কৰে।
ইফালে শোভা দাসে স্বীকাৰোক্তি দিয়াৰ ভিত্তিত গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ পৰা আইচা খাতুনকো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।তদন্তৰ সময়ত শোভা দাসে নাৰী সৰবৰাহকাৰী চক্ৰৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰে। শোভাৰ তথ্যৰ আধাৰত গোৱালপাৰাৰ ৰকিবুল নামৰ এজন যুৱকো আৰক্ষীয়ে আটক কৰে। প্ৰাথমিক তদন্তত প্ৰকাশ পায় — শোভা দাস আৰু ৰকিবুল দীৰ্ঘদিন ধৰি কামৰ প্ৰলোভন দেখুৱাই বহিঃৰাজ্যলৈ কিশোৰী সৰবৰাহ কৰি আহিছিল। আৰক্ষীয়ে দুয়োগৰাকী নাৰী সৰবৰাহকাৰীক সোধ-পোচ অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
