মোৰাদাবাদ, ০৭ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ মাইনাথেৰ নিবাসী কৃতিকা গুপ্তাই বাৰেলীত খেলা ৩৭ সংখ্যক মল্লযুঁজৰ ৰাজ্যিক প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ছাব জুনিয়ৰ শাখাত ৪২ কেজি ওজন শাখাত বিপক্ষ খেলুৱৈক পৰাস্ত কৰি এই কৃতিত্ব অৰ্জন কৰে খেলুৱৈগৰাকীয়ে।
এই প্ৰতিযোগিতা শনিবাৰে বৰেলীৰ জয় নাৰায়ণ সৰস্বতী বিদ্যা মন্দিৰ ইণ্টাৰ কলেজত অনুষ্ঠিত হয়। গগন ৱালি মাইনাথেৰত বাস কৰা কৃতিকাই লাইনপাৰৰ নিদাৰ আখৰাত মল্লযুঁজাৰু ডাঃ আনন্দ ৰাঘৱৰ পৰা প্ৰশিক্ষণ লৈ আছে। ইফালে পিতৃ দিলীপ কুমাৰে কন্যাৰ সফলতাত সন্তোষ প্ৰকাশ কৰি কয় যে এয়া এক বৃহত কৃতিত্ব। তেওঁৰ কন্যাই এতিয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
