নতুন দিল্লী, ০৬ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে কয় যে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ সৰ্বাংগীন পৰিৱৰ্তন ‘ৰাইজৰ বাবে সংস্কাৰ’। এই পদক্ষেপে দেশৰ প্ৰতিটো পৰিয়াল উপকৃত কৰিব। ইয়াৰ লগতে খৰচ বৃদ্ধি পাব আৰু সামগ্ৰিকভাৱে অৰ্থনীতিয়েও উত্থান পাব। জি এছ টি সংস্কাৰত সহায় আগবঢ়োৱাৰ বাবে ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকললৈও এখন পত্ৰ লিখি কৃতজ্ঞতা প্ৰকাশ কৰে।
কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এক সাক্ষাৎকাৰত কয় যে তেওঁ সকলো ৰাজ্যৰ বিত্তমন্ত্ৰীলৈ এখন পত্ৰ লিখি জিএছটি ব্যৱস্থাৰ ঐতিহাসিক পৰিৱৰ্তন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সমৰ্থন আৰু সক্ৰিয় ভূমিকাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে। জি এছ টিৰ হাৰ হ্ৰাসৰ জৰিয়তে সাধাৰণ মানুহক সকাহ দিবলৈ সকলো ৰাজ্য একত্ৰিত হোৱা বুলিও কয় ছানীয়ে। ইয়াৰ বাবে কালি আটাইকেইখন ৰাজ্যৰ বিত্তমন্ত্ৰীলৈ চিঠি লিখি ধন্যবাদ জনাইছে।
সীতাৰমনে কয় যে জি এছ টিৰ সৰ্বাংগীন পৰিৱৰ্তন ‘ৰাইজৰ বাবে সংস্কাৰ’ আৰু এই পদক্ষেপে দেশৰ ১৪০ কোটি জনসংখ্যাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব। তেওঁ কয় যে ৰাজ্যসমূহে কৰ হাৰ সলনি কৰাৰ প্ৰস্তাৱ সন্দৰ্ভত নিজৰ মতামত আগবঢ়াইছিল, কিন্তু অৱশেষত সাধাৰণ মানুহৰ স্বাৰ্থৰ কথা মনত ৰাখি সন্মতি প্ৰকাশ কৰিছিল। তেওঁ কয় যে জি এছ টি পৰিষদৰ কাম সঁচাকৈয়ে ‘লক্ষণীয়’ হৈ পৰিছে ৷
বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা প্ৰস্তাৱৰ ওপৰত আলোচনা কৰিবলৈ ৩ ছেপ্টেম্বৰৰ পৰা জি এছ টি পৰিষদৰ দুদিনীয়া বৈঠক হোৱাৰ কথা আছিল যদিও গোটেই দিনটো চলি থকা দীৰ্ঘদিনীয়া বৈঠকৰ অন্তত প্ৰথম দিনাই অনুমোদন লাভ কৰে। দৰাচলতে পৰিষদৰ বৈঠকত জি এছ টিৰ সৰ্বাংগীন সংস্কাৰ সন্দৰ্ভত একমত হৈছিল। ইয়াৰ অধীনত মাখনৰ পৰা চকলেট, শ্বেম্পুৰ পৰা ট্ৰেক্টৰ আৰু এয়াৰ কণ্ডিচনাৰলৈকে বহু সামগ্ৰীৰ হাৰ হ্ৰাস কৰা হৈছে। চিগাৰেট, ধঁপাত আদি ক্ষতিকাৰক সামগ্ৰীকে ধৰি জি এছ টিৰ অধীনত অহা সকলো সামগ্ৰীৰ নতুন ৰেট ২২ ছেপ্টেম্বৰ, নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা প্ৰযোজ্য হ’ব।
हिन्दुस्थान समाचार / অৰৱিন্দ
