নয়ডা, ০৬ ছেপ্টেম্বৰ (হি.স.)। ৪০০ কেজি আৰ ডি এক্স ব্যৱহাৰ কৰি অনন্ত চতুৰ্দশীত মুম্বাইৰ কেইবাটাও স্থানত বোমা বিস্ফোৰণৰ ভাবুকি দিয়া অশ্বিনী নামৰ এজন ব্যক্তিক শনিবাৰে উত্তৰ প্ৰদেশ আৰু মুম্বাই আৰক্ষীৰ যৌথ অভিযানত নয়ডাৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ সৈতে মহাৰাষ্ট্ৰ অভিমুখে ৰাওনা হয় মুম্বাই আৰক্ষী।
০৪ ছেপ্টেম্বৰত মুম্বাই আৰক্ষীৰ হোৱাটছএপ নম্বৰলৈ বোমা বিস্ফোৰণৰ ভাবুকি দি মেছেজ প্ৰেৰণ কৰা হয় য’ত ভাবুকি দিয়া ব্যক্তিজনে নিজকে জেহাদী সংগঠনৰ সদস্য বুলি অভিহিত কৰিছিল। আজি আৰক্ষী আয়ুক্ত লক্ষ্মী সিঙে অভিযুক্তক গ্ৰেপ্তাৰ কৰা আৰক্ষী দলটোক ২৫ হাজাৰ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছে।
আটকাধীন অভিযুক্ত অশ্বিনী কুমাৰ সুপ্ৰা মূলতঃ বিহাৰৰ বুলি জানিবলৈ দিয়ে আৰক্ষী আয়ুক্তৰ মিডিয়া ইনচাৰ্জে। যোৱা পাঁচ বছৰ ধৰি তেওঁ নয়ডাত বাস কৰিছিল। আগতে অশ্বিনীয়ে নিজকে জ্যোতিষী বুলি কৈছিল যদিও তেওঁৰ এই কাৰ্য্যই তেওঁৰ এই দাবীক লৈ প্ৰশ্ন উত্থাপন কৰিছে। অশ্বিনীয়ে এই ভাবুকিৰ জৰিয়তে কৈছিল যে বহু বাহনত বোমা স্থাপন কৰা হৈছে। ইয়াত ৪০০ কেজি আৰ ডি এক্স ব্যৱহাৰ কৰা হ’ব। তেওঁ দাবী কৰে যে তেওঁ পাকিস্তানৰ জেহাদী সংগঠন ‘লস্কৰ-ই-জিহাদী’ৰ সদস্য আছিল আৰু চহৰখনত ১৪টা সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰিছে। লগতে তেওঁ কয় যে ৩৪খন বাহনত ৩৪টা ‘মানৱ বোমা’ স্থাপন কৰা হৈছে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
