শ্ৰীভূমি, ০৬ ছেপ্টেম্বৰ (হি.স.)।
কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি নামকৰণ লৈ নাগৰিক অভিৱৰ্তনৰ পিছত আজি ৬ ছেপ্টেম্বৰ কৰিমগঞ্জ জিলাত সৰ্বাত্মক বন্ধৰ আহ্বান জনাইছিল কৰিমগঞ্জ জিলাৰ নাম পৰিবৰ্তন প্ৰতিৰোধ নাগৰিক কমিটীয়ে। লগতে আজি সাধাৰণ ধৰ্মঘট পালন কৰিবলৈ জিলাৰ সকলো ধৰ্মৰ লোকক ৰাজপথত ওলাই আহিবলৈ আহ্বান জনোৱা হৈছিল যদিও পুৱাৰ ভাগত তেনে কোনো সমাগম দেখিবলৈ পোৱা নগ’ল । অৱশ্যে বন্ধ সমৰ্থনকাৰী মহিলা কেইগৰাকীমানৰ লগতে কেইজনমান পুৰুষ সমৰ্থকক আটক কৰিছে শ্ৰী ভূমি আৰক্ষীয়ে। আনহাতে বন্ধ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে আগতেই ১৬৩ বি এন এছ ধাৰা বলবৎ কৰা হৈছিল।
উল্লেখ্য আজি ১২ ঘন্টিয়া শ্রীভূমি বন্ধৰ আহ্বান জনাইছে বাম দল আৰু কংগ্ৰেছ সহ নাগৰিক কমিটী নামৰ সংগঠনে। নাম পৰিবৰ্তন কৰি শ্ৰীভুমি ৰখাৰ বিৰোধিতা কৰি বাম দল সহ কংগ্ৰেছে ৬ ছেপ্টেম্বৰত শ্ৰীভুমি বন্ধৰ আহ্বান সফল কৰাৰ লক্ষ্যৰে কেবাদিনৰ পৰা সভা সমিতি কৰি, মাইকযোগে ব্যাপক প্ৰচাৰ চলাইছিল বাম দল আৰু কংগ্ৰেছ সমৰ্থকে ।
আনফালে অধিকাংশ সাধাৰন ৰাইজ সহ শাসক দলে এই বন্ধৰ তীব্ৰ বিৰোধিতা কৰি বন্ধ নস্যাৎ কৰাৰ আহ্বান জনাই আহিছিল। শুকুৰবাৰে নিশা এই বন্ধ সংক্ৰান্তত জিলা প্ৰশাসনে জাৰি কৰিছে ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা ।
শ্ৰীভুমি জিলা আয়ুক্তই জাৰি কৰা ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা অনুসৰি শণিবাৰে কিছুমান বিধি নিষেধ আৰোপ কৰিছে।
সেই অনুসৰি ৬ ছেপ্টেম্বৰ তাৰিখে সমগ্ৰ জিলাত পুৱা ৫ বজাৰ পৰা নিশা ৮টা লৈকে বিধি নিষেধ বলবৎ থাকিব।আদেশ অনুসৰি ৫ জনৰ অধিক গোট খোৱা, বন্ধ, ধৰ্ণা, সমদল উলিওৱা আদিত বাধা প্ৰদান কৰা হৈছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
