– এতিয়াৰ বাবে চিকিৎসালয়ত অব্যাহত থাকিব
চণ্ডীগড়, ০৬ ছেপ্টেম্বৰ (হি.স.)। পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মানৰ স্বাস্থ্যৰ উন্নতি হৈছে যদিও তেওঁ এতিয়াও চিকিৎসালয়ত আছে৷ শুকুৰবাৰে নিশা মোহলীৰ ফৰ্টিছ হাৰ্ট হাস্পতালত ভৰ্তি কৰোৱা হয় মুখ্যমন্ত্ৰীগৰাকীক। যোৱা ০৩ ছেপ্টেম্বৰত পঞ্জাৱ ভ্ৰমণত আছিল মুখ্যমন্ত্ৰী ভগৱন্ত মান, য’ত হঠাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। ইয়াৰ পিছত আম আদমি পাৰ্টিৰ চুপ্ৰেম’ অৰবিন্দ কেজৰিৱালে সংবাদ মাধ্যমত দাবী কৰে যে ভগৱন্ত মানে একো নাখাই বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিছিল।
ইয়াৰ পিছতে ০৪ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ বাসগৃহত চিকিৎসা প্ৰদান কৰা হয়। ইফালে ০৫ ছেপ্টেম্বৰত কেবিনেট বৈঠক বাতিল কৰা হয়। ইফালে শনিবাৰে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু পঞ্জাৱৰ বিত্তমন্ত্ৰী হৰপাল চিমাই ভাগৱত মানক সাক্ষাৎ কৰি তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে। ভগৱন্ত মানক চিকিৎসা কৰা চিকিৎসকৰ পৰাও দলৰ নেতাসকলে তথ্য গ্ৰহণ কৰে।
ইয়াৰ পিছত সাংবাদিকৰ সৈতে কথা পাতি দলৰ নেতা মনীষ চিছ’দিয়াই কয় যে ভাগৱত মানত ইলেক্ট্ৰ’লাইটৰ ভাৰসাম্যহীনতা আছে। যাৰ বাবে তেওঁৰ নাড়ীৰ হাৰ ৪৪ ত উপনীত হৈছিল।স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে শুকুৰবাৰে নিশা তেওঁক ফৰ্টিছত ভৰ্তি কৰা হৈছিল। শনিবাৰে পুৱা তেওঁৰ অৱস্থাৰ উন্নতি ঘটে। ছিছ’দিয়াই কয় যে ভগৱন্ত মান এতিয়াৰ বাবে চিকিৎসালয়তে থাকিব। চিকিৎসকে তেওঁক সম্পূৰ্ণ ফিট বুলি ঘোষণা কৰা নাই। তেওঁৰ ৰুটিন টেষ্ট কৰা হৈছে। আগন্তুক এদিনৰ পৰা দুদিনৰ ভিতৰত পুনৰ পঞ্জাৱবাসীৰ সেৱাত উপস্থিত থাকিব ভগৱন্ত মান।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
