নতুন দিল্লী, ০৬ ছেপ্টেম্বৰ (হি.স.)। সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাজধানী আবুধাবিলৈ যোৱা ইণ্ডিগ’ৰ এখন বিমানে শুকুৰবাৰে গভীৰ নিশা কাৰিকৰী বিজুতিৰ বাবে কেৰালাৰ কোচিৰ কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উভতি যাবলগীয়া হৈছিল । বিমানখনত থকা ১৮০ জন যাত্ৰী আটাইকেইজন নিৰাপদ, যিসকলক আন এখন বিমানেৰে আবুধাবিলৈ লৈ যোৱা হয়।
বিমানবন্দৰৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, আবুধাবিলৈ যোৱা ইণ্ডিগ’ এয়াৰলাইন্সৰ ৬ই-১৪০৩ (চিঅ’কে-এউএইচ) নম্বৰৰ বিমান এখন কাৰিকৰী বিজুতিৰ বাবে গভীৰ নিশা কোচিলৈ উভতি আহিবলগীয়া হয়। দোষ ধৰা পৰাৰ পূৰ্বে দুঘণ্টাৰো অধিক সময় উৰণত থকা বিমানখনত ১৮০ জনতকৈ অধিক যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল।
বিমান সংস্থাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, শুকুৰবাৰে নিশা প্ৰায় ১১ বজাত উৰা মৰা বিমানখনে দুঘণ্টাৰো অধিক সময় আকাশত থকাৰ পিছত পুনৰ কোচি বিমানবন্দৰলৈ উভতি আহে। ইয়াৰ পিছতে বিকল্প বিমানখনে পুৱা ৩.৩৩ বজাত বিমানবন্দৰৰ পৰা উৰা মাৰি যাত্ৰীসকলক আবুধাবিলৈ লৈ যায়। এই বিমানখনত ১৮০ জনতকৈ অধিক যাত্ৰী আৰু ছয়জন ক্ৰু মেম্বাৰ আছিল।
ইণ্ডিগ’ৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ৬ ছেপ্টেম্বৰত কোচিৰ পৰা আবুধাবি অভিমুখী ইণ্ডিগ’ৰ ৬ ই ১৪০৩ নম্বৰৰ বিমানত কাৰিকৰী সমস্যা ধৰা পৰিছিল। সাৱধানতা স্বৰূপে পাইলটসকলে বিমানখন পিছলৈ ঘূৰাই অনাৰ সিদ্ধান্ত লয় আৰু বিমানখন নিৰাপদে কোচিন বিমানবন্দৰত অৱতৰণ কৰে। যদিও বিমানখনৰ কাম-কাজ পুনৰ আৰম্ভ কৰাৰ পূৰ্বে প্ৰয়োজনীয় ৰক্ষণাবেক্ষণ পৰীক্ষা চলি আছে, তথাপিও যাত্ৰীসকলৰ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ ততাতৈয়াকৈ বিকল্প বিমানৰ ব্যৱস্থা কৰা হয়।
हिन्दुस्थान समाचार / Manoj Kumar Saikia
