বৰপেটা, ০৬ ছেপ্টেম্বৰ (হি.স.)। বৰপেটাৰ সুন্দৰীদিয়াৰ উত্তৰহাটীত যোৱাকালি শুকুৰবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়। মৃত মহিলা গৰাকীৰ নাম মীনা তালুকদাৰ আৰু তেওঁৰ ঘৰ গুৱাহাটীৰ কাম্যাখা গেটৰ কালিপুৰত বুলি জানিব পৰা গৈছে ।
বৰপেটাৰ সুন্দৰীদিয়াৰ ভিনিহিয়েকৰ সকামলৈ আহিছিল মহিলাগৰাকী। অত্যধিক গৰমৰ বাবে মহিলাগৰাকী ঘৰৰ সন্মুখৰ পথলৈ ওলাই আহিছিল। তেনে সময়তে এখন তীব্ৰবেগী টেম্প’ৱে মহিলাগৰাকীক পিছ ফালৰ পৰা খূন্দা মাৰি মহতিয়াই নিয়ে। ফলত মহিলাগৰাকী থিতাতে নিহত হয়।
ভিনিহিয়েকৰ সকামলৈ আহি এনেদৰে পথ দূৰ্ঘটনাত মহিলাগৰাকীৰ মৃত্যু হোৱাৰ লৈ পৰিয়ালটোত শোকৰ ছাঁ পৰিছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
