ৱাশ্বিংটন (আমেৰিকা), ০৬ ছেপ্টেম্বৰ (হি.স.)। ভেনিজুৱেলাই ৪৮ ঘণ্টাৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে দক্ষিণ আমেৰিকাৰ সমীপৰ আন্তঃৰাষ্ট্ৰীয় জলসীমাত বিধ্বংসক জাহাজ ইউ এছ এছ জেছন ডানহামৰ চাৰিওফালে সামৰিক বিমান উৰুৱাইছে। শুকুৰবাৰে প্ৰতিৰক্ষা বিভাগৰ কেইবাজনো বিষয়াই এই কথা নিশ্চিত কৰে। এই কাৰ্য্যক তেওঁলোকে প্ৰবাদৰ ভাষাত মুৰ্গীৰ খেল বুলি অভিহিত কৰিছিল।
চিবিএছ নিউজৰ তথ্য অনুসৰি প্ৰতিৰক্ষা বিভাগৰ এজন বিষয়াই কয় যে এয়া এখন এফ-১৬ যুদ্ধ বিমান। বৃহস্পতিবাৰে নিশা কোনোবা এটা সময়ত ডানহামৰ ওপৰেৰে উৰি গৈছিল। বিমানখন অস্ত্ৰধাৰী আছিল নে নাই সেয়া জানিব পৰা হোৱা নাই। বিষয়াসকলে জনোৱা মতে, এজিছ গাইডেড মিছাইল ধ্বংসকাৰী জাহাজ ডানহামে আক্ৰমণ কৰা নাছিল।
পেন্টাগনে ইয়াক প্ৰথমটো কাণ্ডৰ ওপৰত “অতি উত্তেজক পদক্ষেপ” বুলি অভিহিত কৰিছিল। পেন্টাগনে কৈছিল, “আমাৰ মাদক দ্ৰব্য-সন্ত্ৰাসবাদ বিৰোধী অভিযানত হস্তক্ষেপ কৰিবলৈ এই কাম কৰা হৈছে।” যোৱা কেইটামান সপ্তাহত এই অঞ্চললৈ প্ৰেৰণ কৰা আমেৰিকাৰ যুদ্ধ জাহাজসমূহৰ ভিতৰত অন্যতম ডানহাম। পেন্টাগনে কয় যে তেওঁলোকক অপৰাধী সংগঠন আৰু ড্ৰাগছ-সন্ত্রাসবাদক লক্ষ্য কৰি নিয়োগ কৰা হৈছে৷
শুকুৰবাৰে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মন্তব্য কৰে যে মই ক’ম যে তেওঁলোক বিপদত পৰিব। শুকুৰবাৰে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে যদিহে ভেনিজুৱেলাই পুনৰ আমেৰিকাৰ নৌসেনাৰ জাহাজৰ ওপৰেৰে জেট বিমান উৰুৱাই তেন্তে সেয়া অতি বেয়া হ’ব পাৰে। ট্ৰাম্পে প্ৰতিৰক্ষা সচিব পিট হেগছেথ আৰু যুটীয়া মুখ্য কৰ্মচাৰীৰ অধ্যক্ষ জেনেৰেল ডেন কেনৰ সৈতেও কথা পাতিছে।
মঙলবাৰে হোৱাইট হাউছে ঘোষণা কৰে যে ভেনিজুৱেলাৰ পৰা ড্ৰাগছ সৰবৰাহৰ অভিযোগ উত্থাপন কৰা এখন নাওত আমেৰিকাৰ সেনাই আক্ৰমণ কৰে। এই আক্ৰমণত নিহত হয় ১১ জন লোক। ট্ৰাম্প প্ৰশাসনে কয় যে নাওখন ট্ৰেন ডি আৰাগুয়া গেঙে পৰিচালনা কৰিছিল। শুকুৰবাৰে আমেৰিকাৰ পৰিকল্পনাৰ সৈতে পৰিচিত এক সূত্ৰই নিশ্চিত কৰে যে আমেৰিকাই ড্ৰাগছ কাৰ্টেলক লক্ষ্য কৰি কেৰিবিয়ানলৈ ১০খন এফ-৩৫ যুদ্ধ বিমান প্ৰেৰণ কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
