
Assam, 6
নুমলীগড়ত সাজু হৈ উঠিছে বিশ্বৰ প্ৰথমটো বাঁহ ভিত্তিক 2G জৈৱ ইথানল প্ৰকল্প
গোলাঘাট, ০৬ ছেপ্টেম্বৰ (হি.স.)। অসম আন্দোলনৰ ফচল নুমলীগড় শোধনাগাৰত নতুনকৈ সংযোজিত হৈছে– বিশ্বৰ প্ৰথমটো বাঁহ ভিত্তিক ২জি জৈৱ ইথানল প্ৰকল্প। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰি উদ্বোধনৰ বাবে সাজু কৰি তোলা হৈছে। অহা ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকল্পটি উদ্বোধন কৰি দেশৰ নামত উচৰ্গা কৰিব।
উল্লেখযোগ্য যে জাতি বাঁহ আৰু ভলুকা বাঁহক কেঁচামাল হিচাপে লৈ বছৰি ৫০ হেজাৰ মেট্ৰিকটন ইথানল, ১৯ হেজাৰ মেট্ৰিকটন ফাৰফিউৰেল, ১১ হেজাৰ মেট্ৰিকটন এচিটিক এচিড আৰু ৩১ হেজাৰ মেট্ৰিকটন তৰল কাৰ্বন-ডাই-অক্সাইড উৎপাদন কৰিব। লগতে বাঁহৰ অৱশিষ্টখিনি জ্বলাই দি তাৰ পৰা ২৫ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিব। এই প্ৰকল্পটোৰ সৈতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ৩০ হেজাৰ কৃষক পোনে পোনে লাভাম্বিত হ’ব। নুমলীগড় শোধনাগাৰে বাঁহৰ খেতিয়ক সকলৰ মাজত ৬০ লাখ বাঁহৰ পুলি বিনামূলীয়াকৈ বিতৰণৰ পদক্ষেপো লৈছে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
