শ্ৰী ভূমি, ০৫ ছেপ্টেম্বৰ (হি.স.)। শ্ৰীভূমিৰ পাথাৰকান্দিত সংঘটিত শোকাৱহ দুৰ্ঘটনা । পুখুৰীত পৰি মৃত্যু দুই গৰাকী কণমানি শিশুৰ। পাথাৰকান্দিৰ পশ্চিম জুৰবাৰি অঞ্চলত সংঘটিত হৈছে উক্ত মৰ্মান্তিক ঘটনা । মাতৃৰ সৈতে প্ৰতিৱেশীৰ ঘৰত গৈছিল দুই কণমানি আৰু প্ৰতিৱেশী মহিলাৰ সৈতে কথা পতাত ব্যস্ত আছিল মাতৃ । মৃত্যু হোৱা কণমানি দুটাৰ পিতৃ আৰু মাতৃ হৈছে যথাক্ৰমে সাব্বিৰ আহমদ আৰু জাহানাৰা বেগম ।
মৃত্যু হোৱা কণমানি দুটা হৈছে মমতা বেগম বয়স পাঁচ আৰু সাজান আহমদ বয়স তিনি । ঘটনাৰ পিছত ঘটনাস্থলীত উপস্থিত ৰাজহ চক্ৰ বিষয়া আৰু আৰক্ষী । ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত নামি আহিছে শোকৰ ছাঁ। মৃতদেহ দুটাৰ মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হব শ্ৰী ভূমি অসামৰিক চিকিতসালয়ত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
