– মেটা কোম্পানীয়ে নেপাল চৰকাৰক পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ বিচাৰিলে
কাঠমাণ্ডু, ০৫ ছেপ্টেম্বৰ (হি.স.)। নেপাল চৰকাৰৰ নিৰ্দেশত দেশৰ সকলো মোবাইল আৰু ইণ্টাৰনেট সেৱা প্ৰদানকাৰীয়ে সকলো ছ’চিয়েল মিডিয়া চাইট বন্ধ কৰি দিছে। দেশত পঞ্জীয়ন নোহোৱা ছ’চিয়েল মিডিয়া চাইট এতিয়া নেপালত চলি থকা নাই।
নেপাল চৰকাৰে বৃহস্পতিবাৰে এক নিৰ্দেশ জাৰি কৰি নেপালত পঞ্জীয়ন নোহোৱা ছ’চিয়েল মিডিয়া চাইটসমূহ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লয়। চৰকাৰৰ এই নিৰ্দেশৰ পিছত নেপালৰ সকলো মোবাইল কোম্পানী আৰু ইণ্টাৰনেট সেৱা প্ৰদানকাৰী সংস্থাই ছ’চিয়েল মিডিয়া চাইট বন্ধ কৰি দিছে। এতিয়া নেপালত ফেচবুক, মেচেঞ্জাৰ, হোৱাটছএপ, টুইটাৰ, ইউটিউব, ইনষ্টাগ্ৰামকে ধৰি ২৬টা ছ’চিয়েল মিডিয়া চাইট বন্ধ হৈ পৰিছে। আটাইকেইটা মোবাইল কোম্পানী আৰু ইণ্টাৰনেট সেৱা প্ৰদানকাৰীয়ে সুকীয়াকৈ বিবৃতি জাৰি কৰি চৰকাৰৰ নিৰ্দেশত এই ২৬টা ছ’চিয়েল মিডিয়া চাইট বন্ধ কৰাৰ বিষয়ে অৱগত কৰিছে।
ইফালে চৰকাৰৰ তথ্য আৰু যোগাযোগ মন্ত্ৰালয়ৰ মুখপাত্ৰ গজেন্দ্ৰ ঠাকুৰে কয় যে ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়া ছাইটৰ মূল কোম্পানী মেটাই নেপাল চৰকাৰৰ সৈতে যোগাযোগ স্থাপনৰ চেষ্টা কৰিছে। ঠাকুৰে কয় যে মেটাৰ ছিংগাপুৰৰ কাৰ্যালয়ে মন্ত্ৰালয়ক ফোন কৰি কোম্পানী পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ বিচাৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
